NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় হত্যা; খৰ্গ কাটি নিলে চোৰাং চিকাৰীয়ে

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 8, 2020 2:16 pm
IMG-20200808-WA0021

বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ সময়তে কাজিৰঙাত সংঘৰ্টিত হৈছে এক গঁড় হত্যাৰ ঘটনা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জৰ নদীপৰীয়া গবৰাই বন শিৱিৰ এলেকাত চোৰাংচিকাৰীয়ে এজনী মাইকী গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যাবলৈ সক্ষম হৈছে ৷

কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে জনোৱা মতে শুকুৰবাৰৰ দিনা বিয়লি কহঁৰা বনাঞ্চলৰ গবৰাই,বৰবিল আৰু কাঠনিবাৰীৰ বন শিৱিৰৰ বনকৰ্মীয়ে ৬ জাঁই গুলীৰ শব্দ শুনিবলৈ পাই অভিযান আৰম্ভ কৰিছিল ৷

নিশা ব্ৰহ্মপুত্ৰৰ পাৰতো চোৰাংচিকাৰীৰ সন্ধানত চলিছিল অভিযান ৷

শনিবাৰে পুৱা নদীপৰীয়া অঞ্চলত পোৱা চোৰাংচিকাৰীৰ পদ চিহ্ন অনুসৰণ কৰি গবৰাই বনশিৱিৰ এলেকাত খৰ্গ বিহীন মৃত গঁড় জনীৰ মৃতদেহ উদ্ধাৰ কৰে বন কৰ্মীয়ে।

ঘটনাস্থলীৰ পৰা বনকৰ্মীয়ে ৩৹৩ ৰাইফলৰ ৬ জাঁই ব্যৱহৃত গুলীও উদ্ধাৰ কৰিছে ৷

সম্প্ৰতি চোৰাংচিকাৰীৰ সন্ধানত অভিযান চলাই আছে বনকৰ্মীসকলে।

ইপিনে, ঘটনাৰ সৈতে জড়িত থকা সন্দেহযুক্ত এজন চোৰাংচিকাৰীক বিশ্বনাথ বন সংমণ্ডলৰ বনকৰ্মীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীৰ এইয়া তৃতীয়টো গঁড় হত্যা ৷