NORTHEAST NOW (Assamese)
অসম

চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা দি সতীৰ্থ বিজেপি নেতাৰ গৰিহনাৰ সন্মুখীন শিলাদিত্য

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 8, 2020 7:19 pm

বিশিষ্ট সাহিত্যিক তথা ধন্য নৰ তনু ভাল, ৰূপতীৰ্থ যাত্ৰী, সৰুজমুখী স্বপ্ন আদি বিখ্যাত উপন্যাসৰ স্ৰষ্টা প্ৰয়াত চৈয়দ আব্দুল মালিকে তেওঁৰ সৃষ্টিৰাজীৰে বৌদ্ধিক জেহাদ চলাই গৈছে বুলি বিতৰ্কিত মন্তব্য কৰা বিতৰ্কিত বিধায়ক শিলাদিত্য দেব পুনৰ এবাৰ বিপাঙত পৰিছে।

তেওঁৰেই সতীৰ্থ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে উভটি ধৰি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ শিলাদিত্যক দাবী জনাইছে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ৰ জৰিয়তে শিলাদিত্য দেৱে বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকক লৈ কৰা অভব্য মন্তব্যৰ গৰিহণা দি মুমিনুল আৱালে কয়, ‘শিলাদিত্য দেবে যি বৌদ্ধিক জেহাদী বুলি কৈছে এই কথাৰ তীব্ৰ বিৰোধ কৰিছো। শিলাদিত্য দেবে অসমীয়া জাতিৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজক।’

‘যদি শিলাদিত্য দেবে ৰাজহুৱাভাৱে ক্ষমা নুখুজে মই শিলাদিত্য দেবৰ বিৰুদ্ধে সদায় স্থিতি গ্ৰহণ কৰিম। চৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ সভাপতি আছিল। এজন সাহিত্যিক হিচাপে অসমৰ প্ৰতিগৰাকী অসমীয়াৰ তেওঁ আপোন। আব্দুল মালিকক প্ৰতিগৰাকী অসমীয়াই শ্ৰদ্ধা কৰে আৰু সন্মান কৰে। এনে ব্যক্তিৰ বিৰুদ্ধে বক্তব্য ৰখাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।‘ আৱালে লগতে এইদৰে কয়।

ইপিনে, অসম সাহিত্য সভাৰ লগতে অন্যান্য জাতীয় দল সংগঠনলৈ আহ্বান জনাই আৱালে কয় ‘এগৰাকী প্ৰাক্তন সভাপতি হিচাপে মালিকক লৈ শিলাদিত্য দেবে যি বক্তব্য ৰাখিছে সেই সম্পৰ্কত অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ সকলো জাতি-জনগোষ্ঠীয় সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থালৈ আহ্বান জনাম যে শিলাদিত্য দেবে এনে এগৰাকী বৰেণ্য ব্যক্তিক লৈ যি বক্তব্য ৰাখিছে এই সম্পৰ্কত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে।‘

তেওঁ আৰু কয় ‘চৈয়দ আব্দুল মালিক অসমৰ খিলঞ্জীয়া জনগোষ্ঠী গৰীয়াৰ চৈয়দ বংশৰ এগৰাকী ব্যক্তি। গতিকে যদি শিলাদিত্য দেবে ক্ষমা নোখোজে তেন্তে ইয়াৰ পৰিণাম তেওঁ ভুগিব লাগিব।‘