NORTHEAST NOW (Assamese)
অসম

অসমত আৰু পাঁচ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৪৫লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2020 10:29 pm
Covid death toll in Assam reaches 930

আৰু পাঁচগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু দেওবাৰ পৰ্য্যন্ত মুঠ মৃতকৰ সংখ্যা ১৪৫লৈ বৃদ্ধি পাইছে।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপৰ ৰফিক আলি (৬৬) আৰু মহেন্দ্ৰ ডেকা (৯০), মৰিগাঁৱৰ ৰমাপতি দেৱী (৬০), তিনিচুকীয়াৰ গোবিন্দ দাস (৩২) আৰু ডিব্ৰুগড়ৰ ৰিজুমণি গোহাঁই (৪৭)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শনিবাৰলৈকে মুঠ ১৪০গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

অসমত বিশেষকৈ গুৱাহাটীত শেহতীয়াকৈ ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ নিয়মিতভাৱে হ্ৰাস পাই আহিছে।

শনিবাৰলৈকে ২৪ ঘণ্টাত অসমত ৫৪,৮৪৫টা ক’ভিড টেষ্ট সম্পন্ন হৈছে, ২২১৮গৰাকী ব্যক্তি পজিটিভ চিনাক্ত হৈছে। পজিটিভৰ হাৰ হৈছে ৪.০৪ শতাংশ।

১৭৮২গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰ সৈতে অসমত মুঠ আৰোগ্য লোকৰ সংখ্যাই শনিবাৰে ৪০হাজাৰ অতিক্ৰম কৰিছে।

অসমত শনিবাৰলৈকে ৪০,৫৯১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শনিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৬,৯৮০ (।)

নতুন ক’ভিড পজিটিভ ব্যক্তিসকলক ধৰি অসমত চিনাক্ত মুঠ আক্ৰান্তৰ সংখ্যা শনিবাৰ পৰ্য্যন্ত ৫৭,৭১৪লৈ বৃদ্ধি পাইছে।