NORTHEAST NOW (Assamese)
অসম

কোভিড ৰোগীৰ বাবে প্লাজমা দান কৰিব মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 9:47 am
_shivraj_singh_chauhan_

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীক নৱজীৱন দান কৰিবলৈ আগুৱাই আহিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।

দেশত প্লাজমা থেৰাপিৰ জৰিয়তে বহু কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ সময়তে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও প্লাজমা দান কৰিবলৈ ওলোৱা খবৰে এতিয়া বহুতকে প্লাজমা দানৰ প্ৰতি আকৰ্ষিত কৰা দেখা গৈছে।

যোৱা ২৫ জুলাইত  কোভিড পজিটিভ ধৰা পৰা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক ভৰ্তি কৰোৱা হৈছিল ভূপালৰ চিৰায়ু মেডিকেল কলেজ হস্পিতালত।

প্ৰায় ১১ দিন চিকিৎসা গ্ৰহণ কৰাৰ পিছত তেওঁ সুস্থ হৈ উঠে আৰু ৫ আগষ্টত তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিবলৈ দিয়া হয়।

সম্প্ৰতি ঘৰতে কোৱাৰেণ্টাইনত থকা মুখ্যমন্ত্ৰী গৰাকীয়ে কোভিড ৰোগীৰ বাবে প্লাজমা দান কৰাৰ ইচ্ছাৰ কথা স্বাস্থ্য দপ্তৰৰ বিষয়া সকলৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সৰ সময়ত প্ৰকাশ কৰে।

তেওঁ কয় যে প্লাজমা দানৰ জৰিয়তে যদি কোনো ৰোগী সুস্থ হৈ উঠে তেন্তে তেওঁ অতিকৈ আনন্দিত হ’ব।

উল্লেখ্য দেশৰ বিভিন্ন ৰাজ্যত প্লাজমা থেৰাপিয়ে বেছ সুফল দিয়া দেখা গৈছে।

কোভিড মুক্ত ৰোগীৰ দেহত সৃষ্টি হোৱা এণ্টিবডিয়ে কোভিড আক্ৰান্ত লোকক সুস্থ কৰি তোলাত সহায় কৰে বুলি ইতিমধ্যে প্ৰমাণ হৈছে।