NORTHEAST NOW (Assamese)
Popular Stories

দেশত প্ৰথমবাৰৰ বাবে উৎপাদন হ’ব গাধৰ গাখীৰ, প্ৰতি লিটাৰৰ মূল্য ৭০০০ টকা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 1:33 pm
dc-Cover

গৰু,ছাগলী,ম’হ আনকি উটৰ গাখীৰো দেশৰ মানুহে সদায় ব্যৱহাৰ কৰি আহিছে।

কিন্তু গাধৰ গাখীৰ খাবলৈ পোৱা লোক হয়তো দেশত কমেইহে ওলাব।

গাধৰ গাখীৰো এতিয়াৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত সহজে উপলদ্ধ হ’ব।

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণৰ সময়তে দেশত গাধৰ গাখীৰ বাণিজ্যিক ভিত্তিত উৎপাদন কৰিবলৈ মনস্থ কৰিছে নেচনেল ৰিছাৰ্চ চেণ্টাৰ অৱ ইকুইনেছ,চমুকৈ এন আৰ চি ই-এ। সংস্থাটোৱে হাৰিয়ানাৰ হিচাৰত স্থাপন কৰিছে গাধৰ ফাৰ্ম।

এই ফাৰ্মত ৰখা হ’ব উন্নত হালাৰী জাতৰ গাধ।

হালাৰী জাতৰ গাধৰ গাখীৰ উৎপাদনৰ ক্ষমতা বেছি আৰু সেই গাখীৰ গুণগত ভাবেও উন্নত মানৰ। গাধৰ গাখীৰৰ বিশেষত্ব এয়াই যে গাখীৰৰ ৰুপত থকা ই এক মহৌষধ।

কৰ্কটৰ পৰা আৰম্ভ কৰি বহু জটিল ৰোগৰ বিৰুদ্ধে গাধৰ গাখীৰে সাংঘাটিক ভাবে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সময়ত সেয়ে গাধৰ গাখীৰৰ উৎপাদনৰ বতৰাই বহুতকে উৎসাহিত কৰি তুলিছে।

মহাৰ্ঘ্য গাধৰ গাখীৰৰ প্ৰতি লিটাৰত বজাৰ মূল্য প্ৰায় ৭,০০০ টকা।

ইমান বেছি দাম হোৱাৰ কাৰণ হ’ল এই গাখীৰৰ গুণ আৰু গাখীৰৰ তেনেই কম উৎপাদন।

এক লিটাৰ গাধৰ গাখীৰ পাবলৈ কেইবাটাও গাধ খীৰাব লাগিব। গাধৰ গাখীৰ বিশ্বৰ দামী প্ৰসাধন সামগ্ৰী প্ৰস্তুতকে ধৰি বহু ৰোগৰ দৰৱ প্ৰস্তুতত ব্যৱহাৰ হৈ আহিছে।

প্ৰতিষ্ঠানটোৱে হাৰিয়ানাত গাধৰ গাখীৰৰ উৎপাদন আৰম্ভ কৰাৰ পিছত দেশৰ আন প্ৰান্ততো এনে উদ্যোগ গ্ৰহণ কৰিব।