NORTHEAST NOW (Assamese)
Popular Stories

প্রাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী কোভিড পজিটিভ : উদ্বিগ্ন দেশৰ ৰাজনৈতিক মহল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 3:50 pm
Parnab03

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।

এই কথা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি জনাইছে।

সোমবাৰে কৰা এটা টুইটৰ যোগেদি জনাইছে যে তেওঁৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰিছে আৰু যোৱা এসপ্তাহে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কোভিড টেষ্ট কৰাবলৈও পৰামৰ্শ দিছে।

“অন্য এক কাৰণত হাস্পতাললৈ যাওঁতে আমাৰ কোভিড-১৯ পৰীক্ষা কৰা হৈছিল। আজি ৰিপ’ৰ্ট পজিটিভ আহিছে। আমি অনুৰোধ জনাইছো, বিগত এসপ্তাহে যিসকল লোক আমাৰ সংস্পৰ্শলৈ আহিছিল, তেওঁলোক পৃথকে থাকক আৰু এবাৰ কোভিড-১৯ টেষ্ট কৰাওক।” এইদৰে টুইট কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখ্য যে কিছু বছৰৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে হৃদযন্ত্ৰৰ অসুখত ভুগি আহিছে আৰু নিয়মিতভাৱে তেওঁক চিকিৎসকে পৰ্যবেক্ষণ কৰি আহিছে।

সেই সংক্ৰান্তত চিকিৎসালয়লৈ যাওঁতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কোভিড-১৯ৰ টেষ্ট কৰোৱা হৈছিল।

ইফালে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শৰীৰত কোভিড১৯ ধৰা পৰাত দেশৰ ৰাজনৈতিক মহলত উদ্বেগে ছানি ধৰা পৰিলক্ষিত হৈছে।