NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 4:50 pm

সোমবাৰে কোকৰাঝাৰত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত বোমা, গ্ৰেনেড আৰু এ কে-৫৬ ৰাইফলকে ধৰি বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু ধন উদ্ধাৰ হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষী আৰু সেনা বাহিনীয়ে কোকৰাঝাৰ জিলাৰ তুলসীবাৰীত অভিযান চলায় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে কয়।

অভিযান কালত আৰক্ষী আৰু সেনাবাহিনীৰ অভিযানকাৰী দলটোৱে মাটিত পুতি থোৱা অৱস্থাত বিস্ফোৰক সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত দুটা এ কে-৫৬ ৰাইফল, তিনিটা এ কে-৫৬ মেগজিন, দুটা .৩৬ এইচ ই গ্ৰেনেড, দুটা ডিটোনেটৰ আৰু ২১১ জাই সজীৱ গুলি।

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।