NORTHEAST NOW (Assamese)
অসম

বিজেপি নেতাসহ চামগুৰিত পুনৰ ২২ জনৰ দেহত ক’ৰ’না ভাইৰাছ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা August 10, 2020 8:42 pm

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চামগুৰি-পুৰণিগুদামৰ বিভিন্ন অঞ্চলত সম্প্ৰতি ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আজি নগাঁও টাউনৰ নেহেৰুবালিস্থিত স্বাৱ পৰীক্ষণ কেন্দ্ৰত ব্ৰহ্মচাৰী সত্ৰৰ নিবাসী তথা বিজেপিৰ বাজিয়া মণ্ডলৰ সভাপতি বীৰেণ শইকীয়া (৫১) আৰু তেওঁৰ পত্নী জোনমণি বৰুৱা শইকীয়া (৪৪), চামগুৰিৰ লাওখোৱা নিবাসী তথা কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিৰাজ কুমাৰ নন্দী (৫১), পত্নী সঙ্ঘমিত্ৰা নন্দী (৩৮), দুই জিয়ৰী ক্ৰমে শ্ৰেয়ানু (৯) আৰু শ্ৰেয়া (৭) ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

ক‘ভিড-১৯ পজিটিভ ধৰা পৰা এই ছয় জন ৰোগীক গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷

আনহাতে ব্যৱসায় কেন্দ্ৰ হিচাপে পৰিচিত চামগুৰি আমনিত ক’ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ৰেপিড এণ্টিজেন পৰীক্ষাৰ দ্বাৰা আমনি ব্যৱসায়ী সন্থাৰ সভাপতি ৰূপনাৰায়ণ স্বাহকে প্ৰমুখ্য কৰি অঞ্চলটোৰ কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ মালিক, কৰ্মচাৰীসহ ৪৫ জনৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত অঞ্চলটোত আতংকৰ সৃষ্টি হয়।

আনহাতে চামগুৰিৰ আমনিত যোৱা ৮ আগষ্টত ৩১ জনৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰাৰ পূৰ্বে আমনিত ১২ জন পজিটিভ ৰোগী পোৱা গৈছিল৷

আজি চামগুৰিত পুনৰ ২২ জনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে৷

সাম্প্ৰতিক সময়ত ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু স্বাস্থ্য বিভাগক বৃহত্তৰ চামগুৰি আৰু পুৰণিগুদামৰ বিভিন্ন স্থানত ৰেপিড এণ্টিজেন পৰীক্ষণ কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ সচেতন মহলে অনুৰোধ জনাইছে।