NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 12:55 pm
20200811-112259

মাজুলীৰ নতুন কমলাবাৰী সত্রৰ সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ পৰলোকপ্ৰাপ্তি ঘটিছে।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত মঙলবাৰে পুৱা সত্ৰাধিকাৰ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিন ধৰি অসুস্থ সত্রাধিকাৰগৰাকী লিভাৰ চিৰ’ছিছত ভূগি হাস্পাতলত চিকিৎসাধীন অৱস্থাতে আজি ৮০বছ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

সত্রাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বান্দ সোণোৱালে শোক প্ৰকাশ কৰিছে।

আনহাতে, সত্রাধিকাৰগৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতে তেওঁৰ গুণমুগ্ধসকলে বিভিন্ন মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰি বাৰ্তা দিছে।

বহুকেইটা বঁটাৰে সন্মানিত সত্রাধিকাৰগৰাকীয়ে শ্রীমন্ত শংকৰদেৱ বঁটা, শংকৰদেৱ শিল্প সাধনা বঁটা, জীৱনজোৰা সাধনা বঁটাকে ধৰি বহুকেইটা বঁটা তথা সন্মান লাভ কৰিছিল।

সত্ৰাধিকাৰ গোস্বামী এগৰাকী বৈষ্ণৱ পণ্ডিত হোৱাৰ উপৰি এগৰাকী সংস্কৃত পণ্ডিত আছিল। ব্ৰজবুলি ভাষাত লিখা তেওঁৰ পাণ্ডিত্যমূলক কৰ্মৰাজিৰ বাবেও তেওঁ অতি সুপৰিচিত আছিল।

নৱ বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয় সংস্কৃতিৰ এগৰাকী একান্ত সাধক আছিল সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামী।