NORTHEAST NOW (Assamese)
Popular Stories

কঁঠালতকৈয়ো উপকাৰী আনাৰস: ক’ৰ’ণাই নহয়,কৰ্কটৰ বিৰুদ্ধেও গঢ়ি তোলে প্ৰতিৰোধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 5:21 pm
pine

দক্ষিণ আমেৰিকাৰ হাবিত প্ৰথমে আবিষ্কাৰ হোৱা মাটি কঁঠাল অৰ্থাৎ আনাৰস বিশ্বৰ সকলো দেশতে কম-বেছি পৰিমাণে পোৱা যায়।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এই ফল বিধ প্ৰচুৰ পৰিমাণে পোৱা যায়।

চিনাকি ফল বুলিয়েই আমি বহুতে আনাৰসক সিমান গুৰুত্ব নিদিও যদিও এই ফল বিধৰ গুণ পিছে অপৰিসীম।

ক’ৰ’ণাতংকৰ সময়ত কঁঠালে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বিষয়টো সকলোৰে জ্ঞাত।

কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত কঁঠালতকৈয়ো বেছি কাৰ্যকৰী আনাৰস।

কাৰণ যি চি ভিটামিনে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে সেয়া আনাৰসতহে বেছিকৈ থাকে।

একাপ আনাৰসৰ ৰসত প্ৰায় ১৩১ শতাংশ  চি ভিটামিন থাকে।

একেদৰে ৰোগ প্ৰতিৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ফ্লেভ’নইড আৰু ফেন’লিক এচিড আনাৰসত প্ৰচুৰ পৰিমাণে থাকে।

এই দুবিধ উপাদানে আমাক ৰোগৰ বিৰুদ্ধে যুঁজাত সৱল কৰি তোলে।

আনাৰসৰ আটাইতকৈ লক্ষ্যণীয় কথাটো হ’ল ই বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিৰুদ্ধে আমাৰ দেহত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে।

সেয়ে ক’ৰ’ণাতংকৰ সময়ত ক’ৰ’ণাৰ লগতে কৰ্কটৰ বিৰুদ্ধেও আমাক শক্তিশালী কৰি তুলিব পাৰে আনাৰসে।

আনাৰস খালে খাদ্যবস্তু হজম হয় বুলি কোৱা হয়। কিন্তু কিয় জানেনে?

আনাৰসত থাকে ব্ৰমেলাইন নামৰ এবিধ বিশেষ এনজাইম।

এই এনজাইম বিধেই প্ৰ’টিন ভঙাত সহায় কৰে।

খুব কাহ হ’লে আধাকাপ আনাৰসৰ ৰসৰ সৈতে মৌ মিহলাই খালে কাহ ভাল হয় আৰু ডিঙিৰ সুৰসুৰণিও কমে।

কাৰণ আনাৰস এণ্টি এলাৰ্জিকো। আনাৰসে বাত বিষৰ ক্ষেত্ৰতো বেছ ভাল কাম দিয়ে।