NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ম্লান কৰিলে স্বাধীনতাৰ মূল্য; পতাকা তুলিবলৈ নাপালে আহৰি!

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা August 16, 2020 10:29 am
WhatsApp Image 2020-08-16 at 9.32.35 AM

দেশে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে নগাঁও জিলাৰ চামগুৰি ডাকঘৰত স্বাধীনতা দিৱস উদযাপন নকৰাৰ তথ্য পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালে ৰাজ্যখনকে লজ্জানতা কৰা তথ্য পোহৰলৈ অহাত জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

চামগুৰি ডাকঘৰ কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীন কাণ্ডই সকলোকে আচৰিক কৰি তুলিছে।

জানিব পৰা মতে ডাকঘৰটোৰ বিষয়া গৰাকীৰ ঘৰ নগাঁও টাউনত। বিশ কিলোমিটাৰ নিলগৰ কাৰ্যালয়টোত স্বাধীনতা দিৱসৰ  দিনটোত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিব নোৱাৰাৰ অৰ্থ বুজিবলৈ চামগুৰিবাসীয়ে টান পাইছে।

কৰ্ম ষ্পৃহাৰ প্ৰতি যেন ১৫ আগষ্টৰ দিনটোত চামগুৰিস্থিত ডাকঘৰৰ বিষয়া-কৰ্মচাৰীৰ একো কৰিব লগীয়া নাই সেইটোহে অনুভৱ হৈছে ।

বৃহত্তৰ চামগুৰি অঞ্চলত অৱস্থিত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, স্কুল, কলেজ সমূহৰ একাংশ বিষয়া-কৰ্মচাৰী বহু দূৰ-দূৰণিৰ পৰা আহি স্বাধীনতা দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ বিপৰীতে চামগুৰি ডাকঘৰৰ বিষয়া-কৰ্মচাৰীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সময় উলিয়াব নোৱাৰ কাৰ্য্যই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

এই ক্ষেত্ৰত সংশ্লিষ্ট উৰ্দ্ধতম কৰ্তৃপক্ষই সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া চামগুৰিবাসীয়ে লক্ষ্য ৰাখিছে।