NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াই আৰম্ভ কৰিছে কৰ’নাৰ ভেকচিনৰ উৎপাদন; আগষ্টৰ শেষত আহিব বজাৰলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 9:29 am
index-7-750x375

কৰ’না ভাইৰাছৰ প্ৰথম পৰ্যায়ৰ ভেকচিন উৎপাদনৰ কাম সম্পন্ন কৰিছে। দেশখনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা সংবাদ প্ৰতিষ্ঠানক এই কথা জানিবলৈ দিয়া হৈছে।

ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰ্যালয়ে ভেকচিন উৎপাদনৰ কাম আৰম্ভ হোৱাৰ কথা জানিবলৈ দিছিল।

তৃতীয় তথা চতুৰ্থ পৰ্যায়ৰ পৰীক্ষা-নিৰী৭আৰ বাবে এহেজাৰ লোকৰ ওপৰত প্ৰয়োগ কৰাৰ পূৰ্বেই এই ভেকচিনৰ অনুমোদন দিয়া হৈছে।

সুৰক্ষাৰ বাবে ট্ৰায়েলৰ যে অতি প্ৰয়োজন বিজ্ঞানীসকলে সেইকথা দোহাৰিছে।

একাংশ বিশেষজ্ঞৰ আশংকা যে কৰ’না মহামাৰীৰ মাজত কোনে আগতে ভেকচিন উলিয়াব পাৰে তাৰ প্ৰতিযোগিতা চলিছে। সেয়েহে, ততাতয়াকৈ ৰাছিয়াই ইয়াৰ অনুমোদন দিছে।

ইপিনে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে বিশ্বৰ প্ৰথমটো ভেকচিন সুৰক্ষিত বুলি দাবী কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে আনিক তেওঁৰ দুগৰাকী কন্যাৰ এগৰাকীক স্বেচ্ছাসেৱক হিচাপে সেই ভেকচিন দিছে।

তেওঁ দাবী কৰা মতে প্ৰথমদিনা অলপ জ্বৰ আহিছিল যদিও পাছদিনা তাপমাত্ৰা স্বাভাৱিক অৱস্থালৈ আহে।

আগষ্ট মাহৰ শেষৰফালে স্পুটনিক-৫ ভেকচিনটো বজাৰলৈ আহিব বুলি জানিব দিছে ৰাছিয়াই।