NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ‘টিম হিউমিনিটিৰ’ ৰক্ত দান শিবিৰ সম্পন্ন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 16, 2020 8:56 pm
20200816_202108

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ‘টিম হিউমিনিটি’এ শিৱসাগৰ এক ৰক্ত দান শিবিৰ আয়োজন কৰে।

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখত অৱস্থিত হোটেল ‘মাৰ আখল’ত শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘টিম হিউমিনীতি’ৰ উদ্যোগত আয়োজন কৰা ৰক্ত দান শিবিৰৰ অৰ্ধশতাধিক লোকে ৰক্তদান কৰে।

২০১৫ চনত জন্মলাভ কৰা স্বেচ্ছাসেৱী অনুষ্ঠান ‘টিম হিউমিনিটি’ৰ সদস্যসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসাজনিত কাৰণত ৰক্তৰ প্ৰয়োজন হোৱা লোকসকলক ৰক্তদান কৰি সহায় হাত আগবঢ়ায় আহিছে।

কৰ’না মহামাৰীৰ সংক্ৰমণে একপ্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হোৱা ৰক্তৰ অভাৱত চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা ৰোগীসকলক সকাহ দিবৰ বাবে আজি আয়োজন কৰা এই ৰক্তদান শিবিৰত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ ৫০ জনৰো অধিক সদস্যই ৰক্তদান কৰে ।

ইয়াৰ উপৰিও কৰ’নাৰ বিপক্ষে চলি থকা যুদ্ধখনত অংশগ্ৰহণ কৰা স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ বহু সদস্য ক’ৰ’নাত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈ প্লাজমা দানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।