NORTHEAST NOW (Assamese)
অসম

টিকটকৰ পাছত এইবাৰ ট্ৰাম্পৰ লক্ষ্য চীনা কোম্পানী আলীবাবা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 6:54 am
105912345-1557846366021gettyimages-1091456116

আমেৰিকা আৰু চীনৰ মাজত সংঘাত ক্ৰমে বৃদ্ধি পাই আহিছে। ইয়াৰ মাজতে বাণিজ্যিক দিশত আমেৰিকাই কিছু কঠোৰ সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়িছে।

চুটি ভিডিঅ’ এপ টিকটক আমেৰিকাত নিষিদ্ধ কৰাৰ পাছত এইবাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনৰ আন এটা বৃহৎ কোম্পানী আলীবাবাৰ ওপৰত চকু ৰাখিছে।

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আলীবাবাক আমেৰিকাত নিষিদ্ধ কৰা হ’বনে নাই সেয়া চিন্তা-চৰ্চা কৰিছে।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে আমেৰিকা আৰু চীনৰ মাজত চলি থকা সংঘাতৰ মাজতে আমেৰিকাই টিকটক চলোৱা কোম্পানী বাইটডান্সক ৯০দিনৰ ভিতৰত আমেৰিকাৰ পৰা ব্যৱসায় সামৰিবলৈ নিৰ্দেশ দিছে।

এতিয়া দ্বিতীয় লক্ষ্য হৈ পৰিছে আলীবাবা। আমেৰিকাৰ মতে তেওঁলোকে নিজৰ নাগৰিকৰ ব্যক্তিগত তথ্যক লৈ চিন্তিত যিটো চীনৰ কোম্পানীয়ে চলাই আছে।

চীনৰ ওপৰত আমেৰিকাৰ অভিযোগ যে  ই বিশাল তথ্যসমূহৰ অবৈধভাৱে ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰি আছে।

দীৰ্ঘদিন ধৰি এই বিষয়টোক লৈ দেশ দুখনৰ মাজত বিবাদ চলি আছে।

অহা নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমেৰিকা-চীনৰ সম্পৰ্কৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে আৰু ইয়াক লৈ দেশখনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰা দেখা গৈছে।