NORTHEAST NOW (Assamese)
অসম

কামৰূপত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 4:58 pm

কামৰূপ জিলাৰ বৰমাৰৈত শনিবাৰে এজন পুত্ৰই তেওঁৰ পিতৃ-মাতৃক হত্যা কৰে।

মৃত্যু হোৱা লোক দুজন দেবাৰু কাকতি (৭২) আৰু তেওঁৰ পত্নী বসনৱালী কাকতি(৬৫)।

পৰিয়ালকেন্দ্ৰীক সংঘাতৰ পৰিণতিতে পুত্ৰ দ্বীপেন কাকতিয়ে নিজ পিতৃ-মাতৃক হত্যা কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে দ্বীপেন কাকতিক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰিছে।

”দেবাৰু কাকতি আৰু পত্নী বসনৱালী কাকতিক পুত্ৰ দ্বীপেন কাকতিয়ে বাহেৰে প্ৰহাৰ কৰে। গাঁৱৰ লোকে তেওঁলোকক বচোৱাৰ বাবে চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়,” আৰক্ষী সূত্ৰত প্ৰকাশ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পুত্ৰ দ্বীপেন কাকতিক গ্ৰেপ্তাৰ কৰে।

আনহাতে, আৰক্ষীৰ জেৰাত দ্বীপেনে তেওঁ নিজ পিতৃ-মাতৃক হত্যা কৰিছে বুলি স্বীকাৰ কৰে।

নিজ পুত্ৰই পিতৃ-মাতৃক হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।