NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী মোদীয়ে ধোনীক টি-২০ বিশ্বকাপ খেলাৰ বাবে অনুৰোধ কৰিব পাৰে : ছোৱেইব আখতাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 8:25 pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহেন্দ্ৰ সিং ধোনীক ২০২১ টি-২০ বিশ্বকাপ খেলাৰ বাবে অনুৰোধ কৰিব পাৰে বুলি মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে ।

”এইটো সম্ভৱ। ১৯৮৭ চনৰ পাছত জেনেৰেল জিয়া-উল-হকে ইমৰাণ খানক ক্ৰিকেট নেৰিবৰ বাবে আহ্বান জনাইছিল আৰু ইমৰাণ খানে খেলিছিল। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধোনীয়ে নালাগে বুলি ক’ব নোৱাৰে,” ছোবেইব আখতাৰে এইদৰে কয়।

ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায়।

মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ পাছতে পাকিস্তান ক্ৰিকেট দলৰ আন এগৰাকী প্ৰাক্তন অধিনায়ক ইনজামাম-উল হকেও মত প্ৰকাশ কৰিছিল।

মহেন্দ্ৰ সিং ধোনীয়ে অনলাইন যোগে নহয় ক্ৰিকেটৰ পথাৰতহে অৱসৰ গ্ৰহণ কৰিব লাগে বুলি ইনজামামে উল্লেখ কৰি ধোনীক এগৰাকী মহান অধিনায়ক বুলি অভিহিত কৰিছিল।