NORTHEAST NOW (Assamese)
অসম

বি এড চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী সকলৰ শংকা দূৰ কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 10:04 pm

বি.এড. চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী সকলৰ অনিশ্চিত ভবিষ্যত সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পৰাকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সিদ্ধান্ত লবলৈ দাবী জনাই আজি গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা নিম্ন উল্লেখিত বিষয় সমূহ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলৰ মনৰ শংকা দূৰ কৰিব পৰাকৈ এক বাস্তৱসন্মত নীতিৰ ঘোষণা কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়।

বিজ্ঞাপন RMSA/Special TET/824/2017/172(ইংৰাজী ১৩/ ১১/ ২০১৯) অনুসৰি ১৯/০১/২০২০ তাৰিখে অনুষ্ঠিত হৈ যোৱা হাইস্কুল টেট পৰীক্ষাত অৱতীৰ্ণ হবলৈ বি এড চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলক অনুমতি প্ৰদান কৰিছিল সেই অনুসৰি যোৱা ০৪/০৩/২০২০ তাৰিখে ঘোষণা কৰা ফলাফলত বহু শিক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল।

বিগত ১৫/০৮/২০২০ তাৰিখে অসমৰ শিক্ষামন্ত্ৰীয়ে সংবাদমেলত জনোৱা অনুসৰি কম দিনৰ ভিতৰত সেই শিক্ষক সকলক নিযুক্তি প্ৰদান কৰা হ’ব। সেইসূত্ৰে বৰ্তমানৰ বি এড চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱা বাবে এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে।

ইতিমধ্যে, অসমৰ আন আন বিশ্ববিদ্যালয়ৰ বি এড পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিছে যাৰ বাবে তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ আশংকাত ভুগিছে লগতে অসম চৰকাৰৰ নিম্ন-উচ্চ প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় বাচনি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ পৰাও বঞ্চিত হোৱাৰ উপক্ৰম হৈছে।