NORTHEAST NOW (Assamese)
অসম

মাত্ৰ ৫টকাতে লাভ কৰক সোণ; এমাজন পে’ই মুকলি কৰিছে ডিজিটেল গ’ল্ড ক্ৰয়ৰ সোণালী সুযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 1:19 pm
WhatsApp Image 2020-08-21 at 12.35.39 PM

এমাজন ইণ্ডিয়াৰ ই-কমাৰ্ছ বিত্তীয় সেৱা এমাজন পে’ই ইয়াৰ গ্ৰাহকৰ বাবে ৫টকাতে আগবঢ়াইছে ডিজিটেল গ’ল্ড ক্ৰয় কৰাৰ সুযোগ।

ডিজিটেল গ’ল্ড বিনিয়োগৰ এই সেৱাক কোৱা হৈছে ‘গ’ল্ড ভ’ল্ট’। এই অ’ফাৰৰ বাবে এমাজন পে’ই ছেফ গ’ল্ডৰ সৈতে পাৰ্টনাৰ হিচাপে আছে।

ছেফ গ’ল্ডে ৯৯৫(৯৯.৫শতাংশ) শুদ্ধতাৰ ২৪কেৰেট গ’ল্ড সোণ আগবঢ়াইছে। এই অ’ফাৰৰ জৰিয়তে এমাজনৰ গ্ৰাহকেও এই পৰিমানৰ সোণ যিকোনো সময়তে প্ৰতিযোগিতামূলক দৰত সুৰক্ষাৰ বাবে লকাৰ ভাড়া নকৰাকৈয়ে ক্ৰয়ৰ বা বিক্ৰীৰ স্বত্ত্ব লাভ কৰিব।

ডিজিটেল পেমেন্টৰ আন প্লেটফৰ্ম যেনে Paytm, PhonePe, Google Pay, MobiKwik, বা এক্সিছ বেংকৰ ফ্ৰীচাৰ্জেও তেওঁলোকৰ ডিজিটেল গ’ল্ড বিক্ৰীৰ অফাৰ দিয়ে।

Paytm, PhonePe, Google Payকে ধৰি বেছিভাগ প্লেটফৰ্মে গ্ৰাহকক ন্যুনতম ১টকাত সোণ ক্ৰয়ৰ অফাৰ দিয়ে।

যোৱা বছৰ এপ্ৰিলত Google Payই ডিজিটেল গ’ল্ড মুকলি কৰিছিল। সেইদৰে Paytm, আৰু PhonePeই দুয়োটাই ২০১৭ত ডিজিটেল গ’ল্ড অফাৰ সেৱা মুকলি কৰিছিল। MobiKwikয়ে ২০১৮ত এই সেৱা মুকলি কৰে।

যোৱা এপ্ৰিলত অক্ষয় তৃতীয়া উপলক্ষে নইডাস্থিত Paytm জানিব দিয়া মতে ইয়াৰ প্লেটফৰ্মৰ জৰিয়তে ৩৭কেজিতকৈ অধিক ডিজিটেল গ’ল্ড বিক্ৰী কৰিছিল।

সেইদৰে, বেংগালুৰু স্থিত PhonePe ই দাবী কৰা মতে চলিত বছৰৰ উৎসৱৰ সময়ত কোম্পানীটোৱে ১০০কেজিতকৈয়ো অধিক সোণ ডিজিটেলী বিক্ৰী কৰে।