NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ সংঘৰ্ষ: অসমৰ দেৱাংগনা কলিতাৰ বিৰুদ্ধে প্ৰমাণ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 7:44 pm
devangana-759

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীৰ জাফ্ৰাবাদত সংঘটিত সংঘৰ্ষৰ সময়ত জনতাক প্ৰৰোচিত কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গোচৰৰ ওপৰত গোচৰ জাপি দিয়া অসমৰ দেৱাংগনা কলিতাৰ বিৰুদ্ধে প্ৰমাণ বিচাৰিলে আদালতে।

দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এম ফিলৰ ছাত্ৰী তথা Pinjra Tod নামৰ সংস্থাটোৰ সদস্যা দেৱাংগনা কলিতাই সংঘৰ্ষৰ পূৰ্বে জাফ্ৰাবাদ মেট্ৰ’ ষ্টেছনৰ সমীপত প্ৰৰোচনামূলক বক্তব্য ৰাখিছিল বুলি দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছে।

তেওঁৰ বিৰুদ্ধে চাৰিখন এজাহাৰ দাখিল কৰি তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল আৰু তিহাৰ জে’ললৈ নিক্ষেপ কৰিছিল।

‘কা’ বিৰোধী আন্দোলনত দেৱাংগনাই প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ ক’ত বুলি আজি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইতে আৰক্ষীক প্ৰশ্ন কৰে।

আৰক্ষীয়ে দেৱাংগনাই সেই সময়ত দিল্লী মেট্ৰ’ৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত আছিল আৰু কেমেৰামেনে তেওঁক ঢুকি পোৱা নাছিল বুলি আদালতক জনায়।

আদালতত দেৱাংগনাৰ হৈ যুক্তি প্ৰদৰ্শন কৰা বিশিষ্ট অধিবক্তা কপিল চিবালে কয় যে দেৱাংনাৰ বিৰুদ্ধে আৰক্ষীয়ে জনতাক উচটনি দিয়াৰ যি অভিযোগ আনিছে সেয়া ভিত্তিহীন।

চাৰিটা গোচৰৰ ভিতৰৰে দুটাত ইতিমধ্যে দেৱাংগনাই জামিন লাভ কৰাৰ কথাও চিবালে আদালতত সদৰী কৰে।

দিল্লী উচ্চ ন্যায়ালয়ে দেবাংগনাৰ জামিনৰ আবেদনৰ শুনানি পৰৱৰ্তী সময়ত গ্ৰহণ কৰা হ’ব বুলি কয় আৰু দেৱাংগনাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ নিৰ্দিষ্ট প্ৰমাণ আনিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিয়ে।

উল্লেখ্য ‘কা’ বিৰোধী প্ৰতিবাদকাৰীক উচটনি দিয়াৰ অভিযোগত চলিত বৰ্ষৰ মে’ মাহত দিল্লী আৰক্ষীয়ে দেৱাংগনা কলিতাৰ লগতে তেওঁৰ এগৰাকী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছিল।