NORTHEAST NOW (Assamese)
অসম

প্ৰায় ২কোটি ৫৬ লাখ টকাত নীলাম হ’ল মহাত্মা গান্ধীৰ চশমা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 12:24 pm
Mahatma-Gandhi-glasses-1024x512

মহাত্মা গান্ধীয়ে পিন্ধা এযোৰ চশমা ইষ্ট ব্ৰিষ্টল নীলামত নিৰ্দ্ধাৰিত ডাক মূল্যতকৈ দহগুণ অধিক ২৬০,০০০ষ্টাৰ্লিং অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ২ কোটি ৫৬ লাখ টতাকত বিক্ৰী হৈছে।

বাতৰি অনুসৰি, চশমাযোৰ এটা নীলাম গৃহৰ লেটাৰবক্সত আধা ওলাই পৰি থকা দেখা পোৱা গৈছিল।

শুকুৰবাৰে নীলামৰ ছয় মিনিট পাছত এগৰাকী আমেৰিকান সংগ্ৰহকাৰীৰ পৰা ফোন বিডৰ জৰিয়তে চশমাযোৰ অনা হৈছিল।

বাতৰি মতে নীলামকাৰী এণ্ড্ৰিউ ষ্ট’ৱে কয় যে ইষ্ট ব্ৰিষ্টলক নীলামত এইটো হৈছে নতুন অভিলেখ।

ষ্ট’ৱে এই বিক্ৰীক ‘শতিকাটোৰ সৰ্বশ্ৰেষ্ঠ বিক্ৰী’ বুলি অভিহিত কৰিছে।

ইয়াৰ পূৰ্বে ভাৰতৰ জাতিৰ জনক মহাত্মা গান্ধীয়ে পৰিধান কৰা চশমাযোৰ ১৫,০০ষ্টাৰ্লিঙত বিক্ৰী হ’ব বুলি আশা কৰা হৈছিল।

ষ্ট’ৱে জানিবলৈ দিয়ে যে চশমাযোৰৰ গৰাকী আছিল মেংগটছফিল্ড নামৰ এগৰাকী বয়সস্থ লোক।

মেংগটছফিল্ডে জানিবলৈ দিয়ে যে  এই বিক্ৰীৰ পৰা পোৱা ধন তেওঁ তেওঁৰ কন্যাৰ সৈতে ভগাই ল’ব।

বাতৰিত কোৱা মতে, ১৯২০চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত এগৰাকী আত্মীয় লগ পোৱা গান্ধীৰ এই চশমাযোৰ গৰাকীৰ পৰিয়ালৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হস্তান্তৰ হৈ আহিছিল।

নীলামকাৰীয়ে কয় যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া মহাত্মা গান্ধীয়ে তেওঁৰ সকলো সম্পদ ত্যাগ কৰা বুলি জনা গৈছিল।

‘’এইটো এটা অভূতপূৰ্ব ফলাফল। এই চশমাই কেবল নীলামৰ অবিলেখকেই প্ৰতিনিধিত্ব নকৰে লগতে এক আন্তৰ্জাতিক ঐতিহাসিক গুৰুতবও বহন কৰে,’’-ষ্ট’ৱেৰ উদ্ধৃতিৰে বাতৰিত কোৱা হৈছে।

চশমাযোৰ এটা বগা খামত ভৰাই ইষ্ট ব্ৰিষ্টলৰ নীলামৰ লেটাৰবক্সত শুকুৰবাৰে নিশা এৰি থৈ গৈছিল আৰু সোমবাৰে ৰাতিপুৱালৈকে ইয়াক সংগ্ৰহ কৰা নাছিল।

‘’সেয়া তেওঁলোক সহজেই চুৰ কৰিব পাৰিলেহেঁতেন বা পৰি যাব পাৰিলে হয় বা তাতেই পৰি থাকিলেহেঁতেন,’’-ষ্ট’ৱে কয়।

ষ্ট’ৱে লগতে কয় যে গৰাকীৰ চশমাযোৰৰ মূল্য সম্পৰ্কে কোনো ধাৰণা নাছিল আৰু যেতিয়া ইয়াক বিক্ৰী কৰি  ১৫,০০০ষ্টাৰ্লিং পোৱাৰ কথা কোৱা হৈছিল তেওঁ কথমপি হাৰ্ট এটেক নোহোৱাকৈ বাচিল।‘’