NORTHEAST NOW (Assamese)
অসম

অসমৰ শিক্ষানুষ্ঠান খোলা সন্দৰ্ভত ২৫ বা ২৬ আগষ্টত আলোচনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 8:57 pm
Himanta Biswa Sarma

অসমৰ বিদ্যালয় আৰু আন শিক্ষা প্ৰতিষ্ঠানসমূহ পুনৰ মুকলি কৰা সন্দৰ্ভত অহা ২৫ বা ২৬ আগষ্টত আলোচনা কৰা হ’ব।

বিশিষ্ট শিক্ষাবিদ আৰু অন্যান্য অংশীদাৰীসকলক লৈ গঠন কৰা টাস্ক ফ’ৰ্চে এই আলোচনা কৰিব।

অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই কথা প্ৰকাশ কৰিছে।

১ ছেপ্তেম্বৰৰ স্কুলসমূহ খুলিবলৈ সাজু থকাৰ কথা প্ৰকাশ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে এই সন্দৰ্ভত মতামত গ্ৰহণ কৰি থকা হৈছে।

তেওঁ লগতে জনায় যে ১ ছেপ্তেম্বৰৰ পৰা শিক্ষকসকলক তেওঁলোকৰ শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু থাকিবলৈ কোৱা হৈছে।

ইতিমধ্যে ২১ আগষ্টৰ পৰা শিক্ষকসকলৰ ক’ভিড১৯ পৰীক্ষা কৰি থকা হৈছে আৰু ৩০ আগষ্টলৈকে এই পৰীক্ষা চলিব।

ক’ভিড১৯ মহামাৰীৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা অসমৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।