NORTHEAST NOW (Assamese)
অসম

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ হ’ব পাৰে অসমত বিজেপিৰ পৰৱর্তী মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী: তৰুণ গগৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2020 7:48 am
Capture-625x375

ইতিমধ্যে বিভিন্ন মাধ্যমত চৰ্চা লাভ কৰাৰ পাছত এইবাৰ ৰাজনৈতিক মহলতো চৰ্চাৰ মাজলৈ আহিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অহা বছৰৰ বিধান সভাৰ নিৰ্বাচনত অসমত বিজেপিৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰে।

এই সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘’মোৰ সূত্ৰসমূহৰ পৰা মই শুনিছো যে বিজেপিৰ মুখ্য মন্ত্ৰী পদৰ তালিকাত ৰঞ্জন গগৈৰ নাম আছে। মোৰ সন্দেহ পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত তেওঁক সম্ভাৱ্য মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আগবঢ়াব,’’-সংবাদ মাধ্যমৰ আগত তৰুণ গগৈয়ে কয়।

ৰঞ্জন গগৈৰ সম্পৰ্কত মন্তব্য কৰি তৰুণ গগৈয়ে লগতে কয় যে যদি প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাজ্যসভালৈ যাব পাৰে বিজেপিৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেওঁ নিশ্চয় সন্মত হ’ব।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়,’’এয়া সকলো ৰাজনীতি। বিজেপিয়ে ৰঞ্জন গগৈয়ে ৰাম মন্দিৰ গোচৰত দিয়া ৰায়ক লৈ সুখী। তাৰ পাছতে ৰাজ্যসভাৰ মনোনয়ন গ্ৰহণ কৰি তেওঁ পৰ্যায়ক্ৰমে ৰাজনীতিত প্ৰৱেশ কৰিছে।‘’

তৰুণ গগৈয়ে লগতে প্ৰশ্ন কৰে যে তেওঁ কিয় ৰাজ্যসভাৰ সদস্য পদ অস্বীকাৰ নকৰিলে?

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ সহজেই মানৱ অধিকাৰ আয়োগৰ বা আন অধিকাৰমূলক আয়োগৰ অধ্যক্ষ হ’ব পাৰিলেহেঁতেন।

‘’তেওঁৰ নিশ্চয় ৰাজনৈতিক আকাংক্ষা আছে আৰু সেই কাৰণেই তেওঁ ৰাজ্যসভাৰ সদস্য পদৰ মনোনয়ন গ্ৰহণ কৰিছে,’’-তৰুণ গগৈয়ে কয়।