NORTHEAST NOW (Assamese)
অসম

আঞ্চলিক দল গঠনৰ নামত কাৰোবাৰ বোকোচাত উঠি ক্ষমতা লাভৰ আকাংক্ষা ত্যাগ কৰক: জীতেন দত্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 23, 2020 10:12 am
WhatsApp Image 2020-08-23 at 9.30.07 AM

জাতীয় স্বাৰ্থত সকলো আঞ্চলিক শক্তিলৈ বিনম্ৰ অনুৰোধ জনাইছে আলোচনাপন্থী আলফা নেতা জীতেন দত্তই।

এক ফেচবুক পোষ্ট যোগে এই আহ্বান জনাইছে দত্তই।

“আছু, কৃষক মুক্তি,অগপ, অজিত ভূঞা, অৰূপ বৰবৰা, জাহ্নু বৰুৱা, সাহিত্য সভা,  বীৰ লাচিত সেনা , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জনগোষ্ঠীয় সংগঠন ইত্যাদি সকলো ঐক্যবদ্ধ হৈ এক উমৈহতীয়া কৰ্মসূচীৰ আধাৰত এটা শক্তিশালী আঞ্চলিক দল বনাবলৈ চেষ্টা কৰক,”-দত্তই ফেচবুকত লিখি কয়।

এয়া অসমৰ খিলঞ্জীয়া জনগণৰ আহবান বুলি উল্লেখ কৰি দত্তই লগতে কয়, “বহুধাবিভক্ত হৈ জাতিটোক বিভ্ৰান্তিত নেপেলাব। এটা শক্তিশালী প্ৰগতিশীল আঞ্চলিক দলেহে জাতিটোৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম।”

WhatsApp Image 2020-08-23 at 9.28.05 AM
জিতেন দত্তৰ ফেচবুক প’ষ্ট।

ইপিনে, সকলো জাতীয়তাবাদী শক্তিক আকোৰগোঁজ স্থিতিৰ পৰা আঁতৰি অহাৰ বাবে আহ্বান জনাই দত্তই লগতে কয়, “এবাৰ অন্তত জাতিৰ স্বাৰ্থত বহক। ক্ষমতা সৰ্বস্ব ৰাজনীতি পৰিহাৰ কৰক। প্ৰয়োজনহ’লে জাতি-জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি সকলক লৈ এক জাতীয় অভিৱৰ্তনৰ আয়োজন কৰক।”

জাতীয় অভিৱৰ্তনৰ পোষকতা কৰি দত্তই লগতে কয়, “সেই অভিৱৰ্তনত সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিম বুলি সন্মত হওক। আঞ্চলিক দল গঠনৰ নামত কাৰোবাৰ বোকোচাত উঠি ক্ষমতা লাভৰ আকাংক্ষা ত্যাগ কৰক।”