NORTHEAST NOW (Assamese)
অসম

দেশৰ ২৮ লাখ ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হ’ব পাৰে কোভিডত, কোনে ক’লে-কিয় ক’লে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2020 3:30 pm
neet

দেশৰ ২৮ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱন সংকটৰ গৰাহলৈ গতি কৰিব পাৰে।

তেওঁলোক হৈ পৰিব পাৰে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ চিকাৰ।

এই আশংকা বোক্ত কৰিলে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিছোডিয়াই। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে NEET আৰু অভিযান্ত্ৰিকৰ শিক্ষাৰ্থীৰ বাবে JEE অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদৰ্শন কৰা আকোঁৰগোঁজ মনোভাৱৰ বাবেই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে এনে আশংকা ব্যক্ত কৰিলে।

ছিছোডিয়াই কয় যে কেন্দ্ৰই নানান নিয়মৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে যদিও এনে নিয়মে ছাত্ৰ-ছাত্ৰী সকলক কোভিডৰ পৰা বচাব পাৰিব বুলি তেওঁ নাভাবে।

বহু সাৱধানতা অৱলম্বন কৰাৰ পিছতো কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কোভিডত আক্ৰান্ত হৈছে।

আনকি দিল্লীৰ স্বাস্থ্যমন্ত্ৰীও কোভিডত আক্ৰান্ত হৈছে। তেওঁলোকে কোভিডৰ পৰা বাচি থাকিবলৈ বহু সাৱধানতা অৱলম্বন কৰিছিল।

ইমানৰ পিছতো তেওঁলোক কোভিডত আক্ৰান্ত হ’ল। ছাত্ৰ-ছাত্ৰী সকল সেয়ে কোভিডত আক্ৰান্ত নোহোৱাৰ কিবা কাৰণ থাকিব পাৰে নেকি বুলিও ছিছোডিয়াই প্ৰশ্ন কৰে।

তেওঁ লগতে কয় যে কেৱল তিনি ঘণ্টাৰ পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ মেধা শক্তিৰ বিচাৰ কৰিব নোৱাৰি।

সেয়ে NEET আৰু JEE হয় পিছুৱাই দিব লাগে অথবা বাতিল কৰিব লাগে বুলি ছিছোডিয়াই কয়।

উল্লেখ্য কেন্দ্ৰই JEE আৰু NEET ছেপ্তেম্বৰ মাহত অনুষ্ঠিত কৰাৰ বাবে বদ্ধপৰিকৰ হৈছে।

শিক্ষাৰ্থীৰ জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে চৰকাৰৰ স্থিতিৰ বিৰোধিতা কৰি আহিছে।