NORTHEAST NOW (Assamese)
অসম

কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৰুজু হ’ল দেশদ্ৰোহিতাৰ গোচৰ,কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 7:05 pm
kangana-ranaut-twit

বলিউডৰ ৰঙীণ পাৰ্টীত দৰাচলতে কি হয় সেয়া ফাদিল কৰি আজিৰ দিনটোত ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বলিউডৰ স্পষ্টবাদী অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে এইবাৰ ৰুজু হ’ল দেশদ্ৰোহিতাৰ গোচৰ।

দেশৰ কোনো মাৰাত্মক ক্ষতি কৰিব পৰা কামত লিপ্ত হৈ অথবা শত্ৰু দেশৰ হৈ চোৰাংচোৱাগিৰি কৰি কংগনাই দেশদ্ৰোহিতাৰ অভিযোগত অভিযুক্ত হোৱা নাই।

টুইটাৰত শেহতীয়াকৈ কৰা এটা পোষ্টৰ বাবেহে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে সেই গোচৰ।

শেহতীয়াকৈ কংগনা ৰাণাৱটে টুইটাৰত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল।

টুইটাৰত কংগনাই কৈছিল যে ভাৰতবৰ্ষৰ দৰে দেশ এখনত সংৰক্ষণ ব্যৱস্থাৰ কোনো প্ৰয়োজন নাই।

কংগনাৰ এনে টুইটৰ পিছতে গুৰুগ্ৰামৰ ৩৭ আৰক্ষী থানাত অল ইণ্ডিয়া ভীম সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সতপাল তালোৱাৰে কংগনাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰে।

সতপাল তালোৱাৰে কয় যে সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা কৰি কংগনাই ভাৰতীয় সংবিধানক অৱমাননা কৰিছে।

সেয়ে তেওঁক দেশদ্ৰোহিতাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগে।

ভাৰতীয় সংবিধানে সংৰক্ষণ ব্যৱস্থাক স্বীকৃতি দিয়াৰ পিছত কংগনা ৰাণাৱটে ইয়াৰ বিৰুদ্ধে কৈ ভুল কৰা বুলিও নেতা জনে কয়।