NORTHEAST NOW (Assamese)
অসম

অসমত ২০৩৬ নতুন ক’ভিড আক্ৰান্ত, আৰোগ্য ২৩৪৫

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 10:33 pm
Covid19: 1586 persons discharged in Assam on Tuesday

২০৩৬গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২৩৪৫গৰাকীয়ে আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

অসমত ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ ৮০ শতাংশলৈ বৃদ্ধি পাইছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.৭৫ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৫,৩৯৫টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

পজিটিভসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪৮১, যোৰহাটৰ ১৪৬, ডিব্ৰুগড়ৰ ১২৯ আৰু হাইলাকান্দিৰ ১১০গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৯৮,৮০৭লৈ বৃদ্ধি পাইছে।

আনহাতে আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৭৮লৈ বৃদ্ধি পাইছে।

বিপৰীতে অসমত এতিয়ালৈকে ৭৯,৩০৭গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১৯,২১৯ (।)