NORTHEAST NOW (Assamese)
অসম

পত্নীৰ সন্মুখতে প্ৰকৃতি কৰ্মীক নেফানেফ কৰিলে নিজৰেই পোহনীয়া সিংহই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2020 3:25 pm
lioon ed

দুটা বগা সিংহ। নিচেই সৰুতে চোৰাংচিকাৰীয়ে পতা ফান্দৰ পৰা উদ্ধাৰ কৰি সিংহ দুটাক ডাঙৰ-দীঘল কৰিছিল এজন প্ৰকৃতিপ্ৰেমী লোকে।

বছৰৰ পিছত বছৰ ধৰি প্ৰকৃতি কৰ্মী ৱেষ্ট মাথেউছনৰ সৈতে ছাঁটোৰ দৰে লাগি থকা বগা সিংহ দুটাই মাথেউছনৰ কোনো নিৰ্দেশেই উলংঘা কৰাৰ সাহস কৰা নাছিল।

কিন্তু আশ্ৰয়দাতা  মাথেউছনৰ ওপৰতেই অৱশেষত জঁপিয়াই পৰিল সিংহ দুটা।

ঘটনাটো দক্ষিণ আফ্ৰিকাৰ। দেশ খনৰ লিমপপ প্ৰদেশত প্ৰকৃতি কৰ্মী মাথেউছনে গঢ়ি তুলিছে বন্য জীৱৰ এক পৰিচৰ্যা গৃহ।

সেই গৃহতে তেওঁ বনৰ মাজত আঘাতপ্ৰাপ্ত পোৱালি সিংহ দুটাক লৈ আহি সুস্থ কৰি তুলিছিল।

তেতিয়াৰে পৰা সিংহ দুটাই মাথেউছনৰ সৈতেই ফুৰা-চকা কৰি আহিছে।

সিদিনা পুৱাও সিংহ দুটাৰ সৈতে মাথেউছন ওলাই গৈছিল প্ৰাতঃভ্ৰমণলৈ।

লগত আছিল মাথেউছনৰ পত্নীও।

সিংহ দুটাই ৰং মনে খেলি আছিল যদিও হঠাতে সিহঁত দুটাৰ মাজত কিবা কাজিয়া লাগে আৰু সিহঁতে কিছুদূৰলৈ দৌৰি গৈ পুনৰ মাথেউছনৰ কাষলৈ আহে।

কিন্তু এইবাৰ সিহঁতৰ ৰূপ আছিল হিংস্ৰ। দূৰৰ পৰাই ৰুদ্ৰমূৰ্তি গ্ৰহণ কৰি অহা সিংহ দুটাই মাথেউছনক তেওঁৰ পত্নীৰ সন্মুখতে আক্ৰমণ কৰি নেফানেফ কৰি পেলায়।

নিজৰেই পোহনীয়া সিংহৰ আক্ৰমণত থিতাতে মৃত্যু ঘটে ৬৯ বছৰীয়া প্ৰকৃতি কৰ্মী ৱেষ্ট মাথেউছনৰ।

এই ঘটনাই প্ৰকৃতিপ্ৰেমী সকলোৰ মন গধুৰ কৰি তুলিছে।