NORTHEAST NOW (Assamese)
অসম

বেংকৰ গ্ৰাহকলৈ সুখবৰ; অনলাইন বেংকিঙৰ বাবে কোনো মাচুল আদায় কৰিব নোৱাৰিব বেংকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 11:18 am
upi

ক’ৰ’ণাতংকৰ বাবে এতিয়া দেশৰ সকলো প্ৰান্তে মানুহে অনলাইন বেংকিঙৰ বিষয়ত অধিক গুৰুত্ব দিছে।

অনলাইন বেংকিঙৰ জৰিয়তে ধনৰ আদান-প্ৰদান কৰোতে সংশ্লিষ্ট বেংকে গ্ৰাহকৰ পৰা অতিৰিক্ত মাচুল কাটি নিয়াৰ যি ব্যৱস্থা আছে সেয়া এতিয়া আৰু নাথাকিব।

অৰ্থাৎ অনলাইন বেংকিঙৰ বাবে গ্ৰাহকে ভৰিব নালাগে কোনো অতিৰিক্ত ধন।

কেৱল সেয়াই নহয়,২০২০ চনৰ ১ জানুৱাৰীৰ পৰা অনলাইন বেংকিঙৰ বাবে বেংকে গ্ৰাহকৰ পৰা কাটি লোৱা ধনো গ্ৰাহকক ওভোতাই দিব লাগিব।

শেহতীয়াকৈ চেন্ট্ৰেল ব’ৰ্ড অৱ ডাইৰেক্ট টেক্সে জাৰি কৰা এক নিৰ্দেশনাত এই কথা কোৱা হৈছে।

নিৰ্দেশনা খনত কোৱা হৈছে যে পেমেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেম এক্ট,২০০৭ ৰ ধাৰা ১০ ক আৰু আয়কৰ আইনৰ ২৬৯এছ এউ ধাৰা অনুসৰি কোনো বেংকে গ্ৰাহকৰ পৰা অনলাইন বেংকিঙৰ বাবে ধন কাটি নিব নোৱাৰিব।

আনকি এনে লেনদেনৰ ক্ষেত্ৰত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট চমুকৈ এম ডি আৰো আৰোপ কৰিব নোৱাৰিব বেংকে।

ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ চমুকৈ ইউ পি আইৰ মাধ্যমত কৰা লেন-দেনৰ ক্ষেত্ৰতো বেংকে কোনো ধন ল’ব নোৱাৰিব।

চৰকাৰে অনলাইন ডিজিটেল বেংকিঙৰ প্ৰতি মানুহক অধিক আকৰ্ষিত কৰাৰ বাবেই এনে ব্যৱস্থা গ্ৰহণ কৰিছে।