NORTHEAST NOW (Assamese)
অটো

অভিনৱ আৱিস্কাৰ! ইন্ধন নহয়, বতাহতে চলিব যি গাড়ী এবাৰত ৪০০ কিলোমিটাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 12:53 pm
Hydrogen car

পেট্ৰ’ল-ডিজেলৰ উৎস হ্ৰাস পাই অহাৰ সময়ত ইন্ধন হিচাপে বিকল্প শক্তিৰ ব্যৱহাৰ ক্ৰমে বৃদ্ধি পাবলৈ লৈছে।

গাড়ী নিৰ্মাণকাৰী সংস্থাসমূহে বিশেষকৈ বেটাৰিচালিত শক্তিৰ ব্যৱহাৰ কৰাৰ দিশে অধিক মনযোগ দিছে।

ইয়াৰ মাজতে এইবাৰ বজাৰলৈ আহিবলৈ সাজু হৈছে বতাহচালিত গাড়ী অৰ্থাৎ হাইড্ৰ’জেন কাৰ।

অবিশ্বাস্য যেন লাগিলেও এয়া সত্য। পৰম্পৰাগত ইন্ধনৰ পৰা সকাহ পোৱাৰ এয়াই এক বিকল্প।

বিশেষজ্ঞসকলৰ মতে সময়ত এই হাইড্ৰ’জেনে খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ দৰে প্ৰতিদ্বন্দ্বীসকলক অতিক্ৰম কৰি যাব।

এই গাড়ী অৱশ্যে অহা বছৰলৈহে ক্ৰয় কৰিব পৰা হ’ব। ইয়াৰ দাম পৰিব প্ৰায় ৬০ হাজাৰ য়ুৰো অর্থা ভাৰতীয় মূল্যত প্ৰায় ৫৮লাখ টকা।

হাইড্ৰ’জেন কাৰ বা হাইড্ৰ’জেনত চলা এনে গাড়ী অফিচ কাৰ হিচাপেও ব্যৱহাৰ কৰা যাব। কিয়নো ইন্ধন লোৱাৰ সময় যেনেদৰে কম তেনেদৰে এবাৰ টেংকি ভৰ্তি কৰালে বহুদূৰ যাব পৰা যায়।

ব্যক্তিগতভাৱে গ্ৰাহকসকলেও এই গাড়ীৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে।

এই গাড়ীৰ একজ্যষ্টত কোনো ধোঁৱা নাই, মাথোঁ ফুট ফুট পানী নিসৰিব।গাড়ীৰ কোনো শব্দ নোহোৱাৰ লগতে এবাৰ টেংকি ভৰালে ৪০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা যাব।

আনহাতে, হাইড্ৰ’জেন উৎপাদনৰ ক্ষেত্ৰত ‘লিন্ডে’ কোম্পানী হৈছে অন্যতম। বিগত বহু বছৰ ধৰি কোম্পানীটোৱে নতুন প্ৰযুক্তিত বিনিয়োগ কৰি আহিছে।

এক অত্যন্ত জটিল প্ৰযুক্তিৰ এই কামটোত লিণ্ডেই মনোনিৱেশ কৰি আহিছে। কোটি কোটে য়ুৰোৰ ব্যৱসায়ৰ সম্ভাৱনা থকা এখন বজাৰৰ বাবে ‘লিন্ডে’ই ইতিমধ্যে এটা ‘পিলিং প্লেন্ট’ নিৰ্মাণ কৰিছে।

আগন্তুক কেইবছৰৰ ভিতৰত হাইড্ৰ’জেন কাৰে বিশেষকৈ য়ুৰোপত এখন ভাল বজাৰ দখল কৰাৰ সম্ভাৱনা দেখা গৈছে।