NORTHEAST NOW (Assamese)
অসম

মণিপুৰত পুনৰ ৫.১ ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2020 11:19 am
earthquake-600x375-750x375-1

মঙলবাৰে পুৱতি নিশা অহা এটা ভূমিকম্পই সমগ্ৰ মণিপুৰক জোকাৰি যায়।

বাতৰি অনুসৰি, পুৱতি নিশা ২.৩৯বজাত ভূমিকম্পৰ জোকাৰণি অনুভুত হয় আৰু ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা ৫.১ মেগনিটিউড ৰেকৰ্ড কৰা হয়।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ মতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ভাৰত-ম্যানমাৰ সীমান্তৰ প্ৰায় ৫৫কিলোমিটাৰ পূবে উখ্ৰুলত।

ইম্ফলৰ চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে যে ভূমিকম্পটোৰ ফলত কোনো জীৱন তথা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ বাতৰি এতিয়ালৈকে পোৱা হোৱা নাই।

যোৱা ২৭ আগষ্টত মিজোৰামৰ চাম্ফাই জিলাত এঘন্টাৰ ভিতৰতে ৩.৬ৰ পৰা ৫.৩ ৰিখটাৰ স্কেলৰ ভিতৰত ক্ৰমে তিনিটা ভূমিকম্পৰ জোকাৰণি অনুভুত হৈছিল।

সেইদৰে, মণিপুৰৰ চান্দেল জিলাত যোৱা ১১ আগষ্টত এটা ৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ মতে মণিপুৰৰ মইৰাঙৰ পৰা ৪৩ কিলোমিটাৰ দক্ষিণ পূবত ১৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল।

বিগত ২১ জুনতো এটা মধ্যমীয়া ধৰণৰ ভূমিকম্পই মণিপুৰক জোকাৰি গৈছিল।

উত্তৰ-পূবত বিগত কেইমাহৰ পৰা ক্ৰমাগতভাৱে হৈ থকা ভূমিকম্প সন্দৰ্ভত কেন্দ্ৰ চৰকাৰেও চিন্তা ব্যক্ত কৰিছে।