NORTHEAST NOW (Assamese)
অসম

গণককুছি সত্ৰৰ গুৰু আসন জ্বলোৱাত জৰিত দুৰ্বৃত্তক কঠোৰ শাস্তিৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 6:38 pm
Barpeta Ganakkusi Sattra case: SAGMDJP demands strict action against culprit

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে সম্প্ৰীতিৰ মিলনভূমি নামনি অসমৰ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত গণককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পবিত্ৰ ভিঠিৰ গুৰু আসন জ্বলাই দি পবিত্ৰ সত্ৰখনৰ ঐতিহ্যক কলুষিত কৰাৰ চেষ্টা কৰিব খোজা কাৰ্য্যক তীব্ৰ নিন্দা কৰাৰ লগতে ভৰ্ৎসনা কৰিছে৷

এই ঘটনাৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জৰিত সকলো লোকক গ্ৰেপ্তাৰ কৰি প্ৰশাসনে কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে৷

“বাৰে বাৰে অসমীয়া সমাজখনৰ অস্তিত্ব, প্ৰভুত্ব তথা জাতীয় আৱেগত আঘাত হানি থাকিলে ধৈৰ্যৰ বান্ধ খোল খাব৷ তেতিয়া মূলসূঁতিৰ অসমীয়া সমাজখনে পৰিস্থিতি ভয়াবহ কৰিবলৈ বাধ্য হ’ব৷ এই কাণ্ডই মূল সূঁতিৰ অসমীয়া সমাজখনক অন্তৰত আঘাত দিছে৷ অসমৰ ঐতিহ্য-সংস্কৃতি-পৰম্পৰা বিৰোধী এটা চক্ৰই অহৰহ অসমীয়াৰ অভিমানক ভেঙুচালি কৰি অহা কাৰ্যক আমি গৰিহণা দিছো,” বিবৃতিত প্ৰকাশ৷

গুৰু আসন জ্বলাই দিয়াৰ সাহস কৰা ৰফিকুল নামৰ দুৰ্বৃত্তৰ কোনো বহিঃশক্তিৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলিও সংগঠনটোৱে আশংকা কৰিছে৷

“কোনো বহিঃশক্তিৰ বলত বলিয়ান নহ’লে অসমীয়া সমাজখনক প্ৰত্যাহ্বান জনাবলৈ সাহত ক’ত পালে অসমীয়াৰ চিৰ শত্ৰুৰ দলে৷ সমগ্ৰ ঘটনা অতি চিন্তনীয়৷ আৰক্ষী-প্ৰশাসনে ইয়াত অন্তঃনিহিত হৈ থকা কথা পোহৰলৈ আনি ভৱিষ্যতৰ অসমখনক অধিক সুৰক্ষিত কৰাৰ লগতে অসমীয়া জাতিক সুৰক্ষিত কৰাত সহয় কৰক আৰক্ষী-প্ৰশাসনে,” পৰিষদে কয়৷

আনহাতে অসমৰ সকলো ঐতিহ্যমণ্ডত সত্ৰ, নামঘৰ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰাৰ বাবেও পৰিষদে দাবী জনাইছে৷

আনহাতে ৰফিকুল নামৰ যুৱকজনে ইয়াৰ পূৰ্বেও কেওটকুছি সত্ৰৰ লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিৰ ক্ষতিসাধন কৰিছিল বুলি সংগঠনটোৱে তথ্য লাভ কৰা বুলি সদৰী কৰিছে৷

“যুৱকজনক নাকী লগোৱাত বিফল হোৱাৰ ফলতেই পুনৰ এনে কাণ্ড সংঘটিত হ’ল বুলি আমি অনুভৱ কৰিছো৷ অসমত বিভেদ আৰু বিদ্বেষৰ স্থান নাই৷ এইখন শংকৰ-আজানৰ দেশত শান্তি আৰু একতাৰ এনাজৰীডাল কটকটীয়া হৈ আছিল আৰু থাকিব৷ অসমীয়াৰ শত্ৰুৱে সমাজখনক থানবান কৰিব খুজিলেও থানবান কৰিব নোৱাৰিব,” পৰিষদৰ বিবৃতিত প্ৰকাশ।