NORTHEAST NOW (Assamese)
অসম

গুৰুতৰভাবে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত; ডাউন টাউন হাস্পাতালত চিকিৎসাধীন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 5, 2020 6:32 am
index

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি খবৰ আহিছে।

তেওঁ বৰ্তমান  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

গুৱাহাটীৰ ডাউন টাউন হাস্পাতালত ভৰ্তি হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

স্নায়ু আৰু ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈছে মহন্ত।

মহন্তৰ বিশ্বস্ত এক সূত্ৰৰ পৰা জানিব পৰা মতে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে ডাউন টাউন হাস্পাতাললৈ  গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

তেতিয়াই স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটা দেখি চিকিৎসকে চিকিৎসালয়ত ভৰ্তি হবলৈ পৰামৰ্শ দিয়ে মহন্তক।

অৱশ্যে যোগাযোগ কৰা হৈছিল যদিও বৰ্তমানলৈকে চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত তথ্য প্ৰকাশ কৰা নাই।

সূত্ৰ অনুসৰি নিশা প্ৰায় ৮ বজাত তেওঁ চিকিৎসালয়খনলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছিল।

বৰ্তমান তেওঁ ICU ত কেইবাগৰাকীও চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে বুলি সূত্ৰটোৱে জনায়।