NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৪ গঞাক গুলীয়াই হত্যা মাওবাদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2020 10:46 am
nax

মাওবাদী অধ্যুষিত ৰাজ্য চত্তিশগড়ত যোৱা নিশা মাওবাদীয়ে ৪ জন গঞাক গুলীয়াই হত্যা কৰে।

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগতে লোক কেইজনক মাওবাদীয়ে হত্যা কৰা বুলি জানিব পৰা গৈছে।

চত্তিশগড়ৰ বিজাপুৰ জিলাৰ গাংলুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুমেৰি পালনাৰ নামৰ ঘন অৰণ্যৰে ভৰি থকা অঞ্চলটোত আজি আৰক্ষীয়ে লোক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

২৫ আগষ্টৰ দিনাও চত্তিশগড়ৰ বাষ্টাৰ জিলাত মাওবাদীয়ে দুজন গঞাক গুলীয়াই হত্যা কৰিছিল।

বিজাপুৰৰ আৰক্ষীৰ শীৰ্ষ বিষয়া সুন্দৰৰাজ পিয়ে জানিবলৈ দিয়া মতে মাওবাদীয়ে শেহতীয়াকৈ হত্যা কৰা লোক কেইজনক ঘৰৰ পৰা কিবা কথা আছে বুলি মাতি অনা হৈছিল আৰু অৰণ্যৰ মাজলৈ আনি তেওঁলোকক হত্যা কৰা হৈছিল।

মৃত লোক কেইজনক ক্ৰমে পুছনাৰ গাওঁৰ পুনেম ছান্নু,গোৰে ছান্নু,ফাল্লি বুলি চিনাক্ত কৰা হৈছে। আন এজন মৃত লোকক মেটাপল গাওঁৰ তুলসী বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য বিগত কিছুদিন ধৰি চত্তিশগড়ত আৰক্ষী আৰু বিশেষ বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

এনে সময়তে আৰক্ষীক মাওবাদীৰ অৱস্থানৰ বিষয়ে খবৰ দিয়াৰ সন্দেহত বহু গঞাক মাওবাদীয়ে হত্যা কৰাৰ লগতে শাৰীৰিক ভাবে অকথ্য নিৰ্যাতন চলাইছে।