NORTHEAST NOW (Assamese)
Popular Stories

তেলেগু ছবিৰ জনপ্ৰিয় অভিনেতা জয়প্ৰকাশ ৰেড্ডীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2020 12:35 pm

দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা আহিছে আন এটা বেয়া খবৰ। তেলেগু চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা জয়প্ৰকাশ ৰেড্ডীৰ আজি মৃত্যু হয়।

অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰস্থিত নিজ বাসগৃহত ৭৪ বছৰীয়া ৰেড্ডীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

তেলেগু চলচিত্ৰ উদ্যোগৰ মহান অভিনেতা জয়প্ৰকাশ ৰেড্ডীক মূলতঃ হাস্যকৰ চৰিত্ৰতহে অভিনয় কৰা পৰিলক্ষিত হৈছিল।

তেওঁ অভিনয় কৰা অন্তিমখন ছবি হৈছে চাৰিলেৰু নীকেভ্যাৰু।

জয়প্ৰকাশ ৰেড্ডীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেলেগু চলচিত্ৰ উদ্যোগ। জনপ্ৰিয় পৰিচালক অনিল ৰৱিপুড়িয়ে টুইটাৰত শোকপ্ৰকাশ কৰি কয়, ‍‘এগৰাকী শিল্পী আৰু ব্যক্তি হিচাপে তেওঁৰ স্থান কোনেও দখল কৰিব নোৱাৰে’।

তেওঁ লগতে কয়, ‍‘মোৰ প্ৰায়বোৰ ছবিতে তেওঁ অভিনয় কৰিছিল। তেওঁ মোক নিজৰ দৰে ব্যৱহাৰ কৰিছিল আৰু যথেষ্ট মৰম কৰিছিল। তেওঁৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিম। সুখত থাকক’।

বলিষ্ঠ অভিনয়ৰ বাবে ব্যাপক খ্যাতি অৰ্জন কৰা জয়প্ৰকাশৰ কেইখনমান জনপ্ৰিয় ছবি হৈছে প্ৰেমিনচুকুন্দম ৰা, গব্বৰ সিং, চিথায়্যা আৰু টেম্পাৰ।