NORTHEAST NOW (Assamese)
অসম

প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ নিজ কৰ্মক্ষেত্ৰলৈ উভতি যোৱাৰ বাবে পুনৰ শ্ৰমিক ৰে’ল সেৱা আৰম্ভ কৰাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2020 7:42 pm

প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ নিজ কৰ্মক্ষেত্ৰলৈ উভতি যোৱাৰ বাবে পুনৰ শ্ৰমিক ৰে’লসেৱা আৰম্ভ কৰাৰ কাৰণে ৰে’ল মন্ত্ৰী পিযুষ গোৱেললৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

ধৰ্মেন্দ্ৰ প্ৰধানে পিযুষ গোৱেললৈ ওড়িশাৰ পৰা গুজৰাট, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰলৈ শ্ৰমিক ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে আহ্বান জনায়।

”ওড়িশাৰ প্ৰব্ৰজিত শ্ৰমিক সকলে শ্ৰমিক ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছে যাতে তেওঁলোক পুনৰ নিজ নিজ কৰ্মক্ষেত্ৰলৈ উভতি যাবলৈ সক্ষম হয়,” পত্ৰখনত ধৰ্মেন্দ্ৰ প্ৰধানে এইদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰজোৰা ল’কডাউনৰ সময়ত বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ উভতাই অনাৰ বাবে কেন্দ্ৰ চৰকাৰে বিশেষ শ্ৰমিক ৰে’লৰ ব্যৱস্থা কৰিছিল।