NORTHEAST NOW (Assamese)
Popular Stories

অনন্য কৃতিত্বৰ অধিকাৰী হ’ল ক্ৰিষ্টিয়ানো ৰোণাল্ড’ : ভাঙিলে বিশ্ব ফুটবলৰ একাধিক অভিলেখ

September 9, 2020 6:07 pm
index.jpg

বিশ্ব ফুটবল ইতিহাসৰ এক অনন্য অভিলেখৰ অধিকাৰী হৈছে বিশ্বৰ দুৰ্দান্ত ফুটবলাৰ পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰোণাল্ড’।

বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ ফুটবল খেলুৱৈ গৰাকীয়ে পৰ্টুগালৰ হৈ শততম গ’ল কৰাৰ কৃতিত্বৰ অধিকাৰী হৈছে।

মংগলবাৰে নিশা ছুইডেনৰ বিপক্ষে অনুষ্ঠিত উৱেফা নেশ্যনছৰ প্ৰতিওগিতাৰ এখন আন্তৰ্জাতিক খেলত এই কৃতিত্বৰ অধিকাৰী হৈছে দুৰ্দান্ত খেলুৱৈ গৰাকী।

মেচখনৰ প্ৰথমাৰ্ধৰ শেষ মুহূৰ্তত এটা দুৰ্দান্ত ফ্ৰী কীকেৰে ৰোণাল্ড’ৱে আন্তৰাষ্ট্ৰীয় ফুটবলৰ ১০০ সংখ্যক গ’লটো কৰে।

ইয়াৰ লগে লগে ইউৰোপৰ প্ৰথমগৰাকী আৰু বিশ্বৰ দ্বিতীয় গৰাকী শততম আন্তৰ্জাতিক গ’ল কৰা ফুটবলাৰৰ কৃতিত্বৰ অধিকাৰী হয় ৰোণাল্ড’।

ইয়াৰ পিছতে ৰোণাল্ড’ৱে খেলৰ দ্বিতীয়াৰ্ধৰ ৭২ মিনিটত ব্ৰুণোৰ এটা পাছ কাৰ্যকৰী কৰি দ্বিতীয়টো গ’ল দিয়ে।

উল্লেখ্য যে খেলুৱৈ গৰাকীয়ে এই মাইলষ্টোনত উপস্থিত হোৱাৰ পথত কিংবদন্তী ফুটবলাৰ পেলে, মাৰডোনাহঁতোকো পিছ পেলাই আহিছে।

ইমানেই নহয় বৰ্তমান বিশ্ব ফুটবলৰ নিজৰ চিৰ প্ৰতিদ্বন্দ্বী ফুটবলাৰ লিয়নেল মেছীকো পিছ পেলাই আহিছে ৰোণাল্ড’ৱে।

এই মুহূৰ্তত মেছীয়ে ৭০ টা আন্তৰ্জাতিক গ’ল আছে। ভাৰতৰ অধিনায়ক সুনীল ছেট্টীয়ে ৭২ টা আন্তৰ্জাতিক গ’লেৰে এই তালিকাত ৰ’ণাল্ডোৰ পিছতে আছে।

ইফালে বিশ্বৰ প্ৰথমগৰাকী শততম আন্তৰ্জাতিক গ’ল কৰা ইৰাণৰ আলি দায়েৰ নামতে বিশ্বৰ সৰ্বাধিক আন্তৰ্জাতিক গ’লৰ কৃতিত্ব এতিয়াও সুৰক্ষিত হৈ আছে(১০৯ টা গ’ল)।

আশা কৰা হৈছে অতি শীঘ্ৰেই ক্ৰিষ্টিয়ানো ৰোণাল্ড’ৱে আলি দায়েৰ অভিলেখ ভংগ কৰি বিশ্বৰ সৰ্বাধিক আন্তৰ্জাতিক গ’ল কৰা ফুটবলাৰৰূপে পৰিগণিত হ’ব।

উল্লেখ্য যে ২০০৩ চনত মাত্ৰ ১৮ বছৰ বয়সতে পৰ্টুগালৰ জাতীয় দলৰ হৈ আন্তৰ্জাতিক মেচত অভিষেক ঘটা ক্ৰিষ্ট্ৰিয়ানো ৰোণাল্ড’ৱে ১৭ বছৰীয়া আন্তৰ্জাতিক কেৰিয়াৰত দুটা আন্তৰ্জাতিক ট্ৰফী জয়ী কৰাৰ লগতে সাতটা হেট্ৰিক কৰিবলৈ সক্ষম হৈছে।