NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় বায়ুসেনা বাহিনীত অন্তৰ্ভূক্ত হ’ল ‘বিউটি এণ্ড বিষ্ট’ ৰাফেল যুদ্ধ বিমান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 2:47 pm
bim

অৱশেষত দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল।ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আনুষ্ঠানিক ভাবে ভাৰতীয় বায়ুসেনা বাহিনীৰ হাতত অৰ্পন কৰে ‘বিউটি এণ্ড বিষ্ট’ হিচাবে পৰিচিত ৫ খন ৰাফেল যুদ্ধ বিমান।

চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ সময়তে হাৰিয়ানাৰ আম্বালাৰ বিমান ঘাটিত ৰখা ৫ খন ৰাফেল বিমানৰ ইণ্ডাকছন স্ক্ৰল  প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বায়ুসেনাৰ ১৭ স্কোৱাড্ৰনৰ কেপ্তেইন হৰকীৰট সিঙৰ হাতত অৰ্পন কৰে।

বায়ুসেনাত ৰাফেল বিমানৰ অন্তৰ্ভূক্তি কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই বিমানৰ অন্তৰ্ভূক্তিয়ে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনক অধিক শক্তিশালী কৰি তুলিব।

তেওঁ লগতে কয় যে ৰাফেল বিমানে ভাৰত আৰু ফ্ৰান্সৰ বন্ধুত্ব আৰু অধিক মজবুত কৰি তুলিব।

সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেন্স পাৰ্ল,চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ লগতে প্ৰতিৰক্ষা বিভাগৰ বহু শীৰ্ষ বিষয়া।

উল্লেখ্য ‘বিউটি এণ্ড বিষ্ট’ হিচাবে জনাজাত ৰাফেল যুদ্ধ বিমান ভাৰতৰ বায়ুসেনা বাহিনীৰ পাইলটে ফ্ৰান্সৰ পৰা উৰুৱাই আনিছিল।

যুদ্ধক্ষেত্ৰত শত্ৰু পক্ষৰ ওপৰত চিলাৰ দৰে জঁপিয়াই পৰিব পৰা এই বিমান কেইখন ফ্ৰান্সৰ পৰা উৰুৱাই আনে ভাৰতীয় বায়ু সেনাৰ ১২ গৰাকী পাইলটে।

২৮ জুলাইত বিমান কেইখন আহি উপস্থিত হয় সংযুক্ত আৰৱ গণ ৰাজ্যৰ অল ডাৰফাৰ বিমান বন্দৰত।

২৯ জুলাইত ৭ হাজাৰ কিলোমিটাৰ আকাশী পথ অতিক্ৰমি  ভাৰতৰ হাৰিয়ানাৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হয় যুদ্ধ বিমান কেইখন। ৰাফেল বিমানৰ অন্তৰ্ভূক্তিয়ে  নিঃসন্দেহে শক্তিশালী কৰি তুলিব দেশৰ বায়ুসেনা বাহিনীক।