NORTHEAST NOW (Assamese)
অসম

অধিক ভয়ংকৰ বিপদৰ দিশে অসম; আৰু টানিব নোৱাৰিব নেকি স্বাস্থ্যমন্ত্ৰীয়ে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 10, 2020 7:49 pm
Himanta Biswa Sarma. (Photo: twitter@himantabiswa)

ৰাজ্যত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১ লাখ ৩০ হাজাৰ অতিক্ৰম কৰিলে।

ইয়াৰ সমান্তৰালকৈ ৪০০ ৰ দিশে অতিক্ৰম কৰিছে মৃতকৰ সংখ্যা। দৈনিক ১০-১২ টাকৈ মৃতদেহ সৎকাৰ হৈছে মহানগৰীৰ উলুবাৰীৰ শ্মশানত।

প্ৰতিদিনে সৰ্বাধিক ১৫ গৰাকীকৈ লোকে মাৰাত্মক ভাইৰাছৰ কবলত মৃত্যুক আঁকোৱালি লৈছে। লগতে ‘প্ৰতিদিনে ২৫০০ ৰ পৰা ২৭০০ লোক ৰাজ্যত ক’ৰ’নাত আক্ৰান্ত হৈ আছে।

কোভিডৰ বিৰুদ্ধে যুঁজখনত প্ৰথম অৱস্থাৰে পৰা স্বাস্থ্য মন্ত্ৰী হিচাপে বিশেষ তৎপৰতা দেখুৱাই আহিছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

কিছু কিছু দিশত অসমক অন্য ৰাজ্যৰ সৈতে তুলনা কৰি শীৰ্ষত স্থান লাভ কৰা বুলি দাবী কৰিছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

এতিয়া যেন আক্ৰান্তৰ সংখ্যা আৰু মৃতকৰ সংখ্যাৰ ক্ষেত্ৰতো দিল্লী, মুম্বাইক পিছ পেলাই শীৰ্ষত স্থান লাভৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে অসমে।

আজি স্বাস্থ্য মন্ত্ৰীৰ বক্তব্যতে প্ৰকাশ পালে স্বাস্থ্য বিভাগৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈ আছে কোভিড পৰিস্থিতি।

ৰাজ্যৰ কোভিড চিকিৎসালয়সমূহৰ আই.চি.য়ুত বিচনাৰ নাটনি হোৱা আৰম্ভ হৈছে তথা স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মতে এই হাৰত অধিক লক্ষণ থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিলে অক্টোবৰৰ শেষৰ ফালে আই.চি.য়ুৰ অভাৱ ঘটিব।

‘ৰাজ্যত এতিয়া যেনে ক’ৰ’না ৰোগী চিকিৎসালয়লৈ অহা আৰম্ভ কৰিছে তেওঁলোকৰ সৰহসংখ্যককে আই.চি.য়ু আৰু অক্সিজেনৰ প্ৰয়োজন হৈছে। ডিব্ৰুগড় মেডিকেল কলেজত আই.চি.য়ুৰ অভাবৰ কাৰণে প্ৰতিদিনে ২০-২৫ গৰাকী ৰোগীয়ে বহু অসুবিধাৰ সন্মুখীন হৈ আছে।‘ অকপটে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

ইপিনে, GMCH তো আই.চি.য়ুৰ অভাৱ অনুভৱ হোৱা নাই যদিও যিমানখিনি আছিল এইধৰণে কোভিড ৰোগীৰ সংখ্যা বাঢ়ি গৈ থাকিলে অক্টোবৰ মাহৰ প্ৰথমভাগত আইচি.য়ুৰ অভাৱ অনুভৱ কৰিব বুলিও স্বীকাৰ কৰে স্বাস্থ্যমন্ত্ৰীয়ে।

অৱশ্যে, কালাপাহাৰ কোভিড হাস্পতালত নতুনকৈ আইচিয়ু নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে বুলি মন্ত্ৰীয়ে জনায়।

‘এটা সময়ত মৃত্যু প্ৰতিদিনে ২-৪ জন আছিল। কালিৰ দিনটোত ১৮ জনকৈ ব্যক্তিৰ মৃত্যু হৈছে। স্বাভাৱিকভাৱে পৰিৱেশটো জটিল হৈ আছে। প্ৰথমবাৰৰ বাবে যোৱাৰাতি ১৮ গৰাকী লোকৰ মৃত্যু দেখা পাইছো। কোভিডৰ বেদনাদায়ক ৰূপটো লাহে আহে দেখা পাই আছো।‘ হতাশা প্ৰকাশ কৰি মন্ত্ৰীয়ে এইদৰে কয়।

ইপিনে, ডিচেম্বৰৰ পাছত যেন স্বাস্থ্য বিভাগটোৱে হাত দাঙি দিব বা টানিব নোৱাৰা হ’ব তেনে এক কথাই আওপকীয়াকৈ হ’লেও মন্ত্ৰীৰ বক্তব্যত প্ৰকাশ পালে।

তেওঁ কয়, ‘আইচিয়ুটো এনেকুৱা নহয় যে বেড নতুনকৈ লগাব পাৰিব। সকলোৰে এটা সীমা আৰু শেষ আছে। মই ভাবো যে ডিচেম্বৰলৈকে যদি এনেদৰে চলি থাকে তেন্তে সীমা শেষ পাই যাম। তাৰ পাছত আৰু টানিব নোৱাৰিব। তাৰ পিছত এই পৰিস্থিতি হ’ব যে ১০ জনৰ দুৰ্ঘটনা হ’ল দুজনে আইচিয়ু পালে, আঠজনে নাপালে বাবে ঢুকাল। কোভিড দীঘলীয়া হৈ গৈ থাকিলে মৃত্যুৰ সংখ্যা বাঢ়ি গৈ থাকিব।‘

‘প্ৰত্যেক দিনাই গড়ে ২৫০০ ৰোগী চলি আছে। যদি এই সংখ্যা নাবাঢ়ে তেতিয়াও প্ৰতি মাহত ৭৫ হাজাৰকৈ বাঢ়িব। যদি একেবাৰে নাবাঢ়ে বুলি ধৰি লওঁ তেন্তে অসমত ৩০ দিনত দুগুণ হয়। অৰ্থ্যাৎ ১ লাখ ৩০ হাজাৰ আক্ৰান্ত হ’ব। দ্বিতীয় মাহত ২ লাখ ৬৬ হাজাৰ হ’ব।‘ কোভিডৰ অনাগত সময়ৰ ভয়াবহতাৰ দিশটোৰ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, অন্যান্য ৰাজ্য যেনে দিল্লী,  কেৰেলা, মহাৰাষ্ট্ৰ ইত্যাদি ৰাজ্যসমূহত কোভিড একেবাৰে নোহোৱা নহ’লেও এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু কোভিডৰ আৰম্ভণিৰে পৰা সামাজিক মাধ্যমত প্ৰচাৰ বহুলতা দেখুৱায়ো এজন দক্ষ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত কিয় নিয়ন্ত্ৰণৰ বাহিৰত যাবলৈ আৰম্ভ কৰিছে সেয়া নিশ্চয়কৈ লক্ষণীয় হৈ পৰিছে।

অসমৰ এই ভয়ংকৰ বিপদৰ বাবে স্বাস্থ্য মন্ত্ৰী অথবা ৰাজ্য চৰকাৰৰ কিবা ভুল নীতি ৰৈ গৈছে নেকি সেই বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিবলৈ লৈছে।