NORTHEAST NOW (Assamese)
অসম

অসমত ২৭৩৯ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৭৪ শতাংশলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 11:05 pm
642 persons test Covid19 positive in Assam on Saturday

২৭৩৯গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৭৪ শতাংশলৈ বৃদ্ধি পাইছে। বুধবাৰে এই হাৰ আছিল ৭.১০ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৫,৩৬৯টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ মাজত আছে কামৰূপ মহানগৰৰ ৬৪৬, লখিমপুৰৰ ২৫৯, ডিব্ৰুগড়ৰ ১৯৯ আৰু যোৰহাটৰ ১৭৭গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে মুঠ ১,৩৫,৮০৫গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে আৰু ১৮গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪১৪লৈ বৃদ্ধি পাইছে।

বিপৰীতে বুধবাৰলৈকে ১,০৩,৫০৪গৰাকী ব্যক্তিয়ে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।