NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনীষ চিছোদিয়া কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2020 10:05 pm

দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনীষ চিছোদিয়াৰ শৰীৰত সোমবাৰে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

দিল্লী চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে টুইটাৰযোগে নিজে ক’ৰ’না সংক্ৰমিত হোৱা বুলি প্ৰকাশ কৰে।

দেওবাৰৰ নিশাৰ ভাগৰ পৰা সাধাৰণ জ্বৰত আক্ৰান্ত হৈ থকা বাবে দিল্লীৰ উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে ক’ৰ’নাৰ পৰীক্ষা সম্পন্ন কৰে আৰু প’জিটিভ হিচাপে চিনাক্ত হয়।

ক’ৰ’নাৰ পৰীক্ষাৰ ফলাফল প’জিটিভ হোৱাৰ পাছতে মনীষ চিছোদিয়াই নিজকে চেল্ফ আইছ’লেশ্যনত ৰাখিছে বুলি জানিবলৈ দিয়ে।

জানিব পৰা মতে, জ্বৰৰ বাবেই উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে সোমবাৰে দিল্লী বিধানসভাত অনুষ্ঠিত হোৱা বিশেষ এদিনীয়া অধিবেশনত অংশগ্ৰহণৰ পৰা বিৰত আছিল।

‘‘বৰ্তমান মোৰ শৰীৰত জ্বৰ নাই আৰু কোনোধৰণৰ জটিলতা নাই, মই বৰ্তমান সময়ত সম্পুৰ্ণ সুস্থ আছো। আশাকৰো আপোনালোকৰ সুভকামনা আৰু আশীৰ্বাদৰ ফলত সোনকালে মই কামলৈ উভতিব পাৰিম,’’ উপ-মুখ্য মন্ত্ৰী চিছোদিয়াই টুইটাৰত এইদৰে লিখে।

উল্লেখযোগ্য যে, মনীষ চিছোদিয়াৰ পূৰ্বে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ লগতে ভালেকেইগৰাকী বিধায়কৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।