NORTHEAST NOW (Assamese)
অসম

পৱিত্ৰ ভাদ মাহৰ অন্তিম দিনা টীয়কৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত কেইবাজনো লোকশিল্পীক সম্বৰ্দ্ধনা

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক September 16, 2020 5:52 pm
Screenshot_2020-09-16-16-51-18_1

যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত আজি ভাদ মাহৰ অন্তিমটো দিনত কেবাজনো লোক-সংস্কৃতিৰ সাধক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অসমৰ লোক সংস্কৃতি অন্যতম অংগ দিহানামৰ লগত জড়িত তিনিগৰাকীকৈ সংস্কৃতি সাধক আৰু সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পিতৃ শতায়ু বয়স গৰকা জগন্নাথ দেৱ গোস্বামীক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীৰ সভাপতিত্বত আয়োজিত এই গুৰুগাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জগন্নাথ দেৱগোস্বামীক শতায়ু প্ৰদীপ, উজনি অসমৰ দিহানামৰ জগতখনত চিৰপৰিচিত শিল্পী কমলা গগৈক দিহাৰত্ন, শিল্পী যতীন বৰাক ঐতিহ্য সেউজ কন্ঠ আৰু শিল্পী মুনীন বৰাক দিহানাম ভাস্কৰ উপাধিৰে সন্মানিত কৰা হয়।

উক্ত অনুষ্ঠানত যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত দাস, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্তীশ চাহু, উজনি অসম বন সংমণ্ডল বিষয়া নাৰায়ণ মহন্ত আৰু দিহা নামৰ সম্ৰাট বদন মলিয়াদেৱ বিশেষভাৱে উপস্থিত থাকে।