NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত বিশ্বকৰ্মা পূজা, মহালয়া উদযাপনৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 7:12 pm
Biswakarma Puja, Mahalaya: Kamrup Metropolitan District Disaster Management Authority issues guidelines

ক’ভিড১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বিশ্বকৰ্মা পূজা আৰু মহালয়া উদযাপনৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে।

১. ৰাজহুৱা স্থানত জনসমাগম নিষিদ্ধ কৰা হৈছে।

২. পূজা আগবঢ়োৱা ঠাইত সামাজিক দূৰত্ব বজাই ৰাখি কেৱল ১৫গৰাকী ব্যক্তিকহে এবাৰত অনুমতি দিয়া হৈছে।

৩. পথকে ধৰি ৰাজহুৱা স্থানত পেন্দেল/ বাণিজ্যিক ষ্টল নিৰ্মাণৰ অনুমতি দিয়া নহ’ব।

৪. জনসমাগমৰ আকৰ্ষণৰ বাবে বিশেষ পোহৰ আৰু চাউণ্ড চিষ্টেম ব্যৱহাৰৰ অনুমতি দিয়া নহ’ব।

৫. পূজা আগবঢ়োৱা ঠাইত প্ৰসাদ হিচাপে ৰন্ধা খাদ্য পৰিহাৰ কৰিব পৰা যায়। বিচাৰিলে কেৱল শুকান প্ৰসাদ বিতৰণ কৰিব পৰা যায়।

৬. বিসৰ্জনৰ ক্ষেত্ৰত কোনো সমদলৰ অনুমতি দিয়া নহ’ব।

৭. ভক্তসকলে ছেনিটাইজাৰ সঘনে ব্যৱহাৰ কৰিব আৰু মাস্ক পৰিধান কৰিব।

৮. ১৭ ছেপ্তেম্বৰত কোনো সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি দিয়া নহ’ব।

এই নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব।