NORTHEAST NOW (Assamese)
Popular Stories

কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত সৰৱ হৈ উঠিছে অসমৰ বিৰোধী সাংসদসকল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2020 1:41 pm

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰৰ মাজতে আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত অসমৰ বিৰোধী সাংসদ সকলে অসমৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত ধৰ্ণা দিয়ে।

নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে গান্ধী মূৰ্তিৰ সন্মুখত দিয়া ধৰ্ণা কাৰ্যসূচীত অসমৰ সাতোগৰাকী বিৰোধী সাংসদে অংশ গ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ আৰু আব্দুল খালেকৰ উপৰি কংগ্ৰেছৰে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহ উপস্থিত আছিল।

আনহাতে আন দুগৰাকীৰ এজন এ আই য়ু ডি এফৰ মুৰব্বী তথা লোকসভাৰ সাংসদ বদৰুদ্দিন আজমল আৰু আনজন নৱনিৰ্বাচিত ৰাজ্যসভাৰ নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞা।

উল্লেখ্য যে যোৱা দুদিন ধৰি অসমৰ বিৰোধী সাংসদ সকলে দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত সদনৰ ভিতৰে বাহিৰে গ্ৰহণ কৰা পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে।

ইফালে আজিও এ আই য়ু ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে লোকসভাৰ মজিয়াত কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে দাবী উত্থাপন কৰিছে।