NORTHEAST NOW (Assamese)
অসম

বোকাখাতত পুনৰ এজন ক’ভিড ৰোগীৰ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 17, 2020 7:12 pm
Covid19: 1586 persons discharged in Assam on Tuesday

আৰু এগৰাকী ক’ভিড১৯ ৰোগীয়ে বৃহস্পতিবাৰে বোকাখাতত প্ৰাণ হেৰুৱাইছে।

বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত বিগত দুটা দিন চিকিৎসাধীন হৈ থকা ৰমেন্দ্ৰ কুমাৰ দেৱ নামৰ ৰোগীৰ কভিড১৯ৰ সংক্ৰমনত মৃত্যু হয়৷

লোকজন যোৱা দুটা দিন ডায়েৰিয়াত আক্ৰান্ত হৈ আছিল লোকজন৷ আজি পুৱা চিকিৎসাৰ বাবে বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ ৰমেন্দ্ৰ কুমাৰ দেৱক অনাত প্ৰথমেই তেওঁৰ এন্টিজেন টেষ্ট কৰোৱাত কভিড১৯ৰ সংক্ৰমণ ধৰা পৰে৷

ইয়াৰ পিচত তেওঁক চেলাইন দিয়াৰ সময়তেই  লোকজনৰ চিকিৎসালয়তেই মৃত্যু হয়৷

দীৰ্ঘ সময় ধৰি ৰমেন্দ্ৰ কুমাৰ দেৱৰ মৃতদেহ চিকিৎসালয়তেই পৰি ৰোৱাৰ শেষত পিপিই কিট পৰিধান কৰি পৰিয়ালৰ লোকে ৰমেন্দ্ৰ কুমাৰ দেৱৰ শৱদেহ সৎকাৰ কৰে৷

ক’ভিড পৰীক্ষাত মৃত লোকজনৰ কন্যাৰ শৰীৰতো ক’ভিড সংক্ৰমণ ধৰা পৰিছে৷

ৰমেন্দ্ৰ কুমাৰ দেৱকে ধৰি কভিড১৯ৰ সংক্ৰমনত বোকাখাতত এতিয়ালৈ ৫ জন লোকৰ মৃত্যু হৈছে।

আৰু মুঠ ১০৯০ জন লোকৰ শৰীৰত কভিড ১৯ সংক্ৰমন ধৰা পৰিছে৷