NORTHEAST NOW (Assamese)
অসম

পশ্চিমবংগ, কেৰালাৰ পৰা NIAই আটক কৰিলে ৯জন অল কায়দা সন্ত্ৰাসবাদীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2020 11:07 am
NIA-696x392-1-696x375

পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু কেৰালাৰ এৰ্নাকুলামত অভিযান চলাই নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (NIA)ই ৯জন সন্দেহজনক অল কায়দা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।

পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু কেৰালাৰ এৰ্নাকুলামৰ কেইবাটাও স্থানত NIAই অভিযান চলায়।

শনিবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে এক বিবৃতিত প্ৰকাশ কৰিছে যে তেওঁলোকে পশ্চিমবংগ আৰু কেৰালাকে ধৰি দেশৰ কেইবাটাও স্থানত অল কায়দাৰ সক্ৰিয় আন্ত:ৰাজ্যিক চক্ৰ গঢ়ি উঠাৰ তথ্য লাভ কৰিছে।

উক্ত চক্ৰটোৱে দেশ বিভিন্ন স্থানত সন্ত্ৰাসবাদী আক্ৰমণ চলাই নিৰীহ লোকক হত্যাৰ পৰিকল্পনা কৰিছিল।

শনিবাৰে কাহিলী পুৱাতে চলোৱা এই অভিযানত মুৰ্ছিদাবাদৰ পৰা NIAই ছয়জন আৰু এৰ্নাকুলামৰ পৰা তিনিজন অল কায়দাৰ সন্ত্ৰাসবাদী সদস্যক গ্ৰেপ্তাৰ কৰে।

তেওঁলোকৰ পৰা বিশাল পৰিমানৰ ডিজিটেল ডিভাইছ, তথ্য, জেহাদী পত্ৰিকা, চোকা অস্ত্ৰ, দেশীয় বন্দুক, এটা বুলেটপ্ৰুফ জেকেট আৰু বিস্ফোৰক প্ৰস্তুত কৰা প্ৰণালী সম্পৰ্কে লিখিত কেইবাখনো পুস্তিকা উদ্ধাৰ কৰা হয়।

NIAই তেওঁলোকৰ কাৰ কাৰ সৈতে যোগাযোগ আছে তথা ক’ত ক’ত এই চক্ৰৰ ঘাটি আছে সেই সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে।

অল কায়দাৰ যিকেইজন সন্ত্ৰাসবাদী সদস্যক NIAই গ্ৰেপ্তাৰ কৰিছে সেইসকলৰ ভিতৰত আছে ক্ৰমে, মুৰ্ছিদ হাছান, ইয়াকুব বিশ্বাস, মুছাৰফ হুছেইন, নাজমুছ ছাকিব, আবু  ছুফিয়ান, মইনুল মণ্ডল আৰু আতিতুৰ ৰহমান।

এই সন্ত্ৰাসবাদীকেইজনক গ্ৰেপ্তাৰৰ ফলত দেশত বহুকেইটা সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰিব পৰা গ’ল বুলি জানিব দিয়ে তদন্তকাৰী সংস্থাটোৱে।

সংস্থাটোৱে লগতে  জানিবলৈ দিয়ে যে ছচিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানৰ অল কায়দা গোষ্ঠীয়ে এওঁলোকক সন্ত্ৰাসবাদী মতাদৰ্শত আকৃষ্ট কৰাৰ লগতে বিভিন্ন স্থানত সন্ত্ৰাসবাদী আক্ৰমণ চলাবৰ বাবে প্ৰৰোচিত কৰে।

শীঘ্ৰেই এওঁলোকে দিল্লীত আক্ৰমণৰ পৰিকল্পনাও ৰচিছিল বুলিও NIAই লগতে জানিবলৈ দিয়ে।