NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় চৰকাৰে জনালে, ২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাটো বাধ্যতামূলক নহয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2020 10:16 am
Uttarkhand-tourism-minister-Satpal-Maharaj-1140x570-3-747x375

দেশত কৰ’নাৰ সংক্ৰমণৰ হাৰ প্ৰতিদিনে বৃদ্ধি পাই আহিছে। এদিনতে প্ৰায় লাখৰ ওচৰাওচৰি আক্ৰান্ত হৈছে আৰু প্ৰতিখন ৰাজ্যতে সংক্ৰমণ বৃদ্ধি পাইছে।

কেইদিনমান পূৰ্বে বিদ্যালয় খোলাৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কোৱা হৈছিল যে ২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলা হ’ব।

অৱশ্যে, সৰু বিলাকৰ নহয়, ডাঙৰ সকলৰ বিদ্যালয় খোলাৰ কথা কোৱা হৈছিল যদিও সংক্ৰমম বৃদ্ধ পাই থকাৰ বাবে বিদ্যালয় খোলাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে অলপ পিছ হুহুকিছে আৰু নতুনকৈ বিদ্যালয় খোলা সম্পৰ্কত নিৰ্দেশনা জাৰি কৰিছে।

কেন্দ্ৰৰ এই নিৰ্দেশনাত কোৱা হৈছে যে ২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাটো বাধ্যতামূলক নহয়।

এইক্ষেত্ৰত ৰাজ্যসমূহে নিজাকৈ সিদ্ধান্ত ল’ব পাৰিব বুলিও কোৱা হৈছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ৫০শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে আংশিকভাৱে বিদ্যালয় খোলাৰ নিৰ্দেশ দিছিল।

তদুপৰি, অভিভাৱকৰ লিখিত অনুমতি লৈহে শ্ৰেণীত যোগদান কৰিব পাৰিব।

কেন্দ্ৰৰ এনে নিৰ্দেশনাৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হয় আৰু সংক্ৰমম বৃদ্ধিৰ সময়তে এনে নিৰ্দেশনাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়।

এনে বিতৰ্কৰ মাজতে কেন্দ্ৰই নিৰ্দেশনাৰ সালসলনি ঘটাইছে। কোৱা হৈছে যে বিদ্যালয় খোলাটো আৱশ্যক নহয়। ৰাজ্যসমূহে এই বিষয়ত শেষ সিদ্ধান্ত ল’ব।

বিদ্যালয় খোলা ৰখা তথা শিক্ষাৰ্থীসকলৰ উপস্থিতি সম্পৰ্কে ৰাজ্য চৰকাৰেই চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও নিৰ্দেশনাত কোৱা হৈছে।

নিৰ্দেশনাত লগতে কোৱা হৈছে যে অহা সপ্তাহৰ পৰা যিবোৰ ৰাজ্যই বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছে, তেওঁলোকে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সমস্ত এছ অ’ পি অনুসৰণ কৰিব লাগিব।