NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ইন্ধন অবিহনে চলা নাৱৰ আৰ্হি সাজি উলিয়ালে চৰৰ দুই ছাত্ৰই

Posted by: এন ই নাও নিউজ ব্যুৰো, নগাঁও : November 28, 2017 7:42 am

নগাঁও জিলাৰ জৰামাৰী চৰ দেৱকান্ত বৰুৱা হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ জুৰীয়া খণ্ডৰ উদ্যোগত আৰু ৰাজ্যিক যুৱ বঁটা প্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান মানৱ বিকাশ ছ’চাইটিৰ সহযোগত কালি অনুষ্ঠিত বিজ্ঞান সমাৰোহত বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ইন্ধন অবিহনে সৌৰশক্তি অথবা বেটেৰীৰ জৰিয়তে চলাব পৰা এক যন্ত্ৰচালিত নাৱৰ আৰ্হি উপস্থাপন কৰি স্থানীয় কান্ধুলিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুই ছাত্ৰ আদিলুৰ ৰহমান আৰু মুচানুৰ আহমেদে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। বানপানীয়ে যেতিয়া চৰাঞ্চল বুৰাই পেলায় সেইসময়ত এনকুৱা ইন্ধন অবিহনে যন্ত্ৰচালিত নাও ব্যৱহাৰ কৰি কেনেকৈ উদ্ধাৰ অভিযান চলাব পাৰি তাৰে নিদৰ্শন দাঙি ধৰে এই দুই প্ৰতিভাৱান ছাত্ৰই।

প্ৰতিযোগিতাখনত দ্বিতীয় স্থান লাভ কৰে দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাহানুৰ আহমেদ আৰু নাছিম আহমেদ আৰু তৃতীয় স্থান লাভ কৰে জৰামাৰী চৰ ডি কে বি হাইস্কুলৰ ছাত্ৰ আজাহাৰুল ইছলাম, মেহদী আলমৰ দলে। জুৰীয়া খণ্ড ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বিজয়ী মুঠ ১২ গৰাকী প্ৰতিযোগীয়ে জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে। আবেলি অনুষ্ঠিত মুকলি সভাত ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ওপৰত বক্তব্য দাঙি ধৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ অধ্যাপক ড: ভুৱন চুতীয়া, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নগাঁও জিলা সমন্বয়ক খাইৰুল ইছলাম, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উপদেষ্টা আব্দুল আলী আদি বিশিষ্ট ব্যক্তিয়ে।