NORTHEAST NOW (Assamese)
অসম

এছ আইৰ লিখিত পৰীক্ষা : চোৰ গ’লেহে বুদ্ধি! অসম আৰক্ষীক শীঘ্ৰেই চোৰ ধৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 20, 2020 3:42 pm
Sarbananda-Sonowal-1140x570

আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কঠোৰ নিৰ্দেশ।

এই নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

উল্লেখযোগ্য যে, ছ’চিয়েল মেডিয়াত দেওবাৰে পুৱাৰ ভাগতে প্ৰশ্ন কাকত ফাদিল হোৱা বাবেই বাতিল হ’ল এই লিখিত পৰীক্ষা।

আজি দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা।

মুঠ ৫৯৭ টা পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা। কিন্তু দুৰ্ভাগ্যৰ বিষয় অথন্তৰে লগ নেৰা অসম আৰক্ষীৰ এই পৰীক্ষাও বাতিল হ’বলগীয়া হ’ল।

ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

এই পৰীক্ষা বাতিল হোৱাৰ বাবে আবেদন কৰা বহু নিবনুৱা যুৱক-যুৱতী হতাশ হোৱা বুলি জানিব পৰা গৈছে। ছ’চিয়েল মেডিয়াযোগে বহুতে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

কিছুদিন পূৰ্বে ছ’চিয়েল মেডিয়াত আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে ৪ লাখ টকাৰ উৎকোচ বিচৰা এক টেলিফোনিক অডিঅ’ ক্লিপ ভাইৰেল হৈছিল।

ইতিমধ্যে, যোৱা ১২ ছেপ্টেম্বৰত অসম আৰক্ষীত উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত টকা বিচাৰি প্ৰৱঞ্চনাৰ জাল পেলোৱা প্ৰৱঞ্চক মনোজ তামুলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।