NORTHEAST NOW (Assamese)
অসম

SI ৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত বিজেপি নেতাক CID ৰ জেৰা!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 23, 2020 4:56 pm

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে  অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্ত বিজেপি নেতাক জেৰা চলোৱা হৈছে।

চি আই ডিয়ে জেৰা কৰিছে দিবন ডেকা নামৰ বিজেপিৰ নেতাজনক।

উল্লেখযোগ্য যে, যোৱা ২০ চেপ্তেম্বৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষা আৰম্ভ হোৱাৰ সময়তে প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা পোহৰলৈ আহিছিল। লগে লগে লিখিত পৰীক্ষা বাতিল কৰা হৈছিল।

ইপিনে বামুন্দিৰ পৰা কুশল দাস নামৰ আন এজনক আটক কৰিছে আৰক্ষীৰ অপৰাধ শাখাই।

নুনমাটিৰ পৰা আটক  কৰা হৈছে সঞ্জীৱ শৰ্মা নামৰ আন এজনক।

নগাওঁ খেৰণিৰ পৰা আটক হৈছে দ্বীপজ্যোতি বৰা।

এক সুত্ৰৰ পৰা জানিব পৰা মতে গণেশগুৰিৰ থেংক ইউ লজত গোপনে পৰীক্ষা পাতিছিল দুষ্ট চক্ৰটোৱে।

১৯ ছেপ্টেম্বৰত গোপনে পৰীক্ষা অনুষ্ঠিত হৈছিল তথা ৫০ গৰাকী পৰীক্ষাৰ্থীয়ে  আগতীয়াকৈ  দিছিল লিখিত পৰীক্ষা।

হাতেলিখা প্ৰশ্নকাকতেৰে চলিছিল এই পৰীক্ষা।

Dibon Crime(1)

 

একোখন প্ৰশ্নকাকতৰ নামত এক লাখ টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি নেতা দিবন ডেকাৰ বিৰুদ্ধে।

বিশেষ সূত্ৰ তথ্যৰ ভিত্তিত চি আই ডিয়ে অভিযান চলায়  গণেশগুৰিৰ থেংক য়ু লজত।

অভিযানকাৰীৰ দলে জেৰা চলাইছে লজটোৰ স্বত্তাধিকাৰী প্ৰণৱ বৰাকো।

মহানগৰীৰ গণেশগুৰিৰ  THANK YOU লজৰ চাৰি স্বত্বাধিকাৰীকো আটক কৰিছে আৰক্ষীৰ অপৰাধ শাখাই। আটক কৰা হৈছে অলকেশ বৈশ্য,প্ৰাঞ্জল শৰ্মা,বিমল থাপা আৰু প্ৰণৱ বৰাক।

লজটোৰ পৰা  কম্পিউটাৰ হাৰ্ড ডিক্স, বৰ্ডৰ লগতে কিছু সামগ্ৰী আৰক্ষী অপৰাধ শাখাই লৈ যায় ৷প্ৰাপ্ত খবৰ অনুসৰি বিজেপি নেতা দিবন ডেকাই পৰীক্ষাৰ প্ৰশ্নকাকত ছপোৱাৰ ঠিকা লাভ কৰিছিল।

দিবন ডেকাৰ এটা ছপাশাল থকাৰ কথাও জানিব পৰা গৈছে।