পাকঘৰৰ দেৱালত তেল-চিকতিৰ দাগ? পানীৰে নুগুচিব, গুচিব কি তিনিটা উপায়েৰে জানো আহক

পাকঘৰৰ দেৱালত তেল-চিকতিৰ দাগ লগাটো মুঠেও নতুন কথা নহয়।
সকলো ঘৰতেই এই সমস্যা থাকেই। পাকঘৰৰ দেৱালেই নহয়, পাকঘৰত থকা আলমাৰী,ছেল্ফ আদিতো এনে তেল-চিকতিৰ দাগ লাগে।
তেল-চিকতিৰ দাগ পানীৰে মচি থাকিলেও কেতিয়াও উঠি নাযায়।
এই দাগ নোহোৱা কৰিবলৈ আপুনি আন কেইটামান সাধাৰণ উপায় গ্ৰহণ কৰিব পাৰে। সেই উপায় কেইটাৰ বিষয়ে জানো আহক—
- পাকঘৰৰ তেল-চিকতি গুচাবলৈ আপুনি স্পঞ্জ বগা ভিনেগাৰত তিয়াই লওক। ইয়াৰ পিছত স্পঞ্জ খন কিছু চেপি লৈ সেই স্পঞ্জেৰে দাগ লগা ঠাই খিনি ঘঁহি থাকক। দেখিব দাগ নোহোৱা হৈ পৰিব।
- প্ৰায় সকলোৰে ঘৰত বেকিং চোডা থাকেই। অলপ পানীত বেকিং চোডা মিহলাই এটা পেষ্ট তৈয়াৰ কৰক। সেই পেষ্ট তেল-চিকতিৰ দাগ লগা অংশত লগাই থৈ দিয়াৰ লগতে মোহাৰি থাকক ।কিছু সময় পিছত দাগ উঠি যাব। এবাৰতে দাগ সম্পূৰ্ণ নুগুচিলে পুনৰ তেনেকৈ পেষ্ট লগাই ঘঁহি থাকিব।
- অলপ পানীত কৰ্নস্টাৰ্চ তিনি চামুচ মিহলাই এটা পেষ্ট তৈয়াৰ কৰক। সেই পেষ্ট দাগ লগা ঠাইত লগাই ৰাখক। কিছুসময় এনেদৰে ৰখাৰ পিছত মোহাৰি পেষ্ট খিনি আঁতৰাই দিব। দেখিব দেৱাল হৈ পৰিছে পৰিষ্কাৰ।